দাবলেগাঁৱত লায়ঞ্চ ক্লাৱৰ অন্নপূৰ্ণা আঁচনি ৰূপায়ন...

দাবলেগাঁৱত লায়ঞ্চ ক্লাৱৰ অন্নপূৰ্ণা আঁচনি ৰূপায়ন...

author-image
Asomiya Pratidin
New Update
দাবলেগাঁৱত লায়ঞ্চ ক্লাৱৰ অন্নপূৰ্ণা আঁচনি ৰূপায়ন...

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ শিক্ষাখণ্ডৰ অধীনৰ ৭১০ নং দাবলেগাঁও প্ৰাথমিক বিদ্যালয়ত দেওবাৰে লায়ঞ্চ ক্লাৱে "প্ৰজেক্ট অন্নপূৰ্ণা " আঁচনি ৰূপায়ন কৰে। সেইমৰ্মে লায়ঞ্চ ক্লাৱৰ সভাপতি ৰাজু বৰ্মন আৰু সম্পাদক প্ৰাণেশ দেৱ নাথ সহিতে কোকৰাঝাৰ লায়ঞ্চ ক্লাৱৰ প্ৰায়ভাগ সদস্য-সদস্যাই ৭১০নং দাবলেগাঁও প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয় প্ৰাংগনতে পুষ্ঠিকৰ আহাৰ তৈয়াৰ কৰি ছাত্ৰ -ছাত্ৰীসকলকৰ মাজত বিতৰণ কৰে।

ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, সদস্য , গাওঁবুঢ়া, স্থানীয় সমাজকৰ্মী আদিকে ধৰি প্ৰায় শতাধিক লোকে লায়ঞ্চ ক্লাৱৰ দ্বাৰা যোগান ধৰা এসাজ ভাত তৃপ্তিৰে ভোজন কৰে । ইয়াৰোপৰি লায়ঞ্চ ক্লাৱে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বহী , কলম , চকলেট বিতৰণ কৰে ।

উল্লেখ্য যে কোকৰাঝাৰ লায়ঞ্চ ক্লাৱে প্ৰতিমাহে অন্নপূৰ্ণা আঁচনি ৰূপায়ন কৰি আহিছে। কোকৰাঝাৰ লায়ঞ্চ ক্লাৱৰ সভাপতি প্ৰাণেশ দেৱ নাথে সদৰি কৰা মতে ক্লাৱৰ সদস্য-সদস্যাসকলৰ জন্মদিন, বিবাহ বাৰ্ষিকী, অইন কোনো আনন্দৰ দিনটো তেওঁলোকে অনাথ আশ্ৰম, বিদ্যালয়ৰ ল'ৰা-ছোৱালীৰ মাজত উদযাপন কৰি আহিছে।

উক্ত আঁচনি মৰ্মে পুষ্ঠিকৰ খাদ্যৰ পৰা বঞ্চিত হোৱা ল'ৰা-ছোৱালীবোৰক এসাজ পুষ্ঠিকৰ খাদ্যৰ যোগান ধৰা হয়। সেইমৰ্মে দেওবাৰে ৭১০ নং দাবলেগাঁও প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পুষ্ঠিকৰ খাদ্য যোগান ধৰা হয়। দাবলেগাঁও প্ৰাথমিক বিদ্যালয়ত পুষ্ঠিকৰ খাদ্য যোগানৰ দাতা আলোক দেৱ নাথৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে সম্পাদক প্ৰাণেশ দেৱ নাথে।

তদুপৰি অনুষ্ঠানটো সুচাৰুৰূপে উদযাপন হোৱা বাবে দাবলেগাঁও প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতি, বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ভূমা দেৱী উপাধ্যায়, সহ-শিক্ষয়িত্ৰী মাম্পী দেৱ নাথৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰে লায়ঞ্চ ক্লাৱে। উল্লেখ্য যে আজিৰ অনুষ্ঠানত কোকৰাঝাৰ লায়ঞ্চ ক্লাৱৰ প্ৰাক্তন সভাপতি মোহিত নাহাটা , সদস্য মলয় কান্তি পাল , ভূপেন দাস , মদন মেধী , মালা কৰ্মকাৰ আদিকে ধৰি প্ৰায়ভাগ সদস্যই উপস্থিত আছিল ।

Also Read: ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ জ্যোতি শইকীয়াৰ বিদায় সম্বৰ্ধনা...

lions club kokrajhar