দেশৰ কেইবাখনো ৰাজ্যত HEATWAVE ALART জাৰি বতৰ বিজ্ঞান বিভাগৰ...

দেশৰ কেইবাখনো ৰাজ্যত HEATWAVE ALART জাৰি বতৰ বিজ্ঞান বিভাগৰ...

author-image
Asomiya Pratidin
New Update
দেশৰ কেইবাখনো ৰাজ্যত HEATWAVE ALART জাৰি বতৰ বিজ্ঞান বিভাগৰ...

ডিজিটেল ডেস্কঃ দেশত ক্ৰমাৎ বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা চাৰিদিনলৈ উত্তৰ-পশ্চিম ভাৰত, উত্তৰ মধ্যপ্রদেশ আৰু গুজৰাটত গ্রীষ্মপ্ৰৱাহৰ আগলি বতৰাৰ জাননী জাৰি কৰিছে। বিভাগে জনোৱা অনুসৰি অহা ২৪ মে' পর্যন্ত পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, ৰাজস্থান, উত্তৰ প্রদেশ আৰু মধ্যপ্রদেশত প্রচণ্ড গ্রীষ্মপ্ৰৱাহৰ আশংকা কৰা হৈছে।

Advertisment

ইয়াৰ বিপৰীতে বিভাগে দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত দেশৰ দক্ষিণ অংশত অহা পাঁচ দিনলৈ ধাৰাষাৰ বৰষুণৰ অৰেঞ্জ এলার্ট জাৰি কৰিছে। তামিলনাডু পুডুচেৰী, কাৰাইকাল, মাহে আৰু দক্ষিণ কর্ণাটকত মুষলধাৰ বৰষুণৰ সম্ভাৱনা আছে।

ইপিনে পৰৱৰ্তী দুটা দিনৰ পাছত কেৰালাতো বৰষুণ বৃদ্ধি পাব বুলি বিভাগে জানিবলৈ দিছে। বিভাগে পশ্চিম বংগ, ছিকিম, অসম, আৰু মেঘালয়ৰ বাবেও একে ধৰণৰ আগলি বতৰা প্ৰকাশ কৰিছে। বংগোপসাগৰৰ দক্ষিণ-পশ্চিম অংশত বুধবাৰে নিম্ন চাপ সৃষ্টি হ 'ব পাৰে বুলি বিভাগে জানিবলৈ দিছে।

Also Read: নুমলীগড়ত অবৈধ অৰুণাচলী সুৰা জব্দ...

IMD heatwave india