অশান্ত মণিপুৰত পুনৰ উদ্ধাৰ বুজন সংখ্যক অস্ত্ৰশস্ত্ৰ...

অশান্ত মণিপুৰত পুনৰ উদ্ধাৰ বুজন সংখ্যক অস্ত্ৰশস্ত্ৰ...

author-image
Asomiya Pratidin
New Update
অশান্ত মণিপুৰত পুনৰ উদ্ধাৰ বুজন সংখ্যক অস্ত্ৰশস্ত্ৰ...

ডিজিটেল সংবাদ, শিলচৰঃ অশান্ত জৰ্জৰ মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ ধাৰাবাহিক অভিযান অব্যাহত আছে।‌ বিষ্ণুপুৰ উয়ুমাখং আৰু কাংপকপি জিলাৰ লুংহৌৰ এলেকাত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে বুজন পৰিমাণৰ অস্ত্ৰশস্ত্ৰ জব্দ কৰিছে।

Advertisment

অভিযান কালত বিষ্ণুপুৰ উয়ুমাখঙ‌ এলেকাৰ পৰা দুটা এ কে-৪৭ ৰাইফল, এটা ভিয়েটনাম স্নাইপাৰ আৰ থ্ৰি ৰাইফল, এ কে, এছ এল আৰ আৰু ইনছাছৰ একোটাকৈ খালী মেগজিন, এটা খালী নাইন এম এম পিষ্টল, ৩৩ টা সতেজ গুলী, পাঁচটা এইচডি কাৰ্ট ৰাউণ্ড, ডিটনেটৰৰ সৈতে তিনিটা হেণ্ড গ্ৰেনেড, তিনিটা স্মোক গ্ৰেনেড, তিনিটা এণ্টি-ৰাইট গ্ৰেনেড, এটা বোমা, দুটা হেণ্ড গ্ৰেনেড টিয়াৰ স্মোক সহ যথেষ্ট বিষ্ফোৰক সহ অনান্য আপত্তিজনক সামগ্ৰী জব্দ কৰা হয়।

আনহাতে, কাংপকপি জিলাৰ লুংহৌৰ এলেকাত চলোৱা অভিযানত দুটা ১২-ব'ৰৰ ৰাইফলৰ, এটা পইন্ট টু টু এছাল্ট ৰাইফল, মেগাজিনৰ সৈতে এটা ৭.৬২ এমএম এছাল্ট ৰাইফল, নটা সজীৱ গুলী, এটা বোমা, ২৬টা খালী কাৰ্টিজ সহ অন্যান্য বিষ্ফোৰক সামগ্ৰী জব্দ কৰে নিৰাপত্তা বাহিনীয়ে।

Also Read: ধেমাজি জৱাহৰ নৱোদয় বিদ্যালয়ত ভলীবল সমাৰোহ...

manipur Illegal Weapons manipur police