/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/cfe1d3f6-e8f7-4498-b267-27a457fba636/2.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: কেৱল বিদ্যায়তনিক গুণগত শিক্ষা প্ৰদানেই নহয়। শিক্ষাৰ্থীৰ বৌদ্ধিক, শাৰীৰিক, ক্ৰীড়া সকলো ক্ষেত্ৰতে পৈণত উৎকৃষ্ট মানৱ সম্পদ হিচাবে গঢ় দিয়াত আত্মনিয়োগ কৰি আহিছে ধেমাজি জৱাহৰ নবোদয় বিদ্যালয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/76ff6855-5ff8-4644-a7e0-2de1699dabbc/077826d5-5ca9-4420-a567-4ce3f24fd8ad.jpg)
শেহতীয়াভাৱে যোৱা ৩০জুলাইৰ পৰা পি এম চি ধেমাজি জৱাহৰ নৱোদয় বিদ্যালয়ত আৰম্ভ হৈছিল এন ভি এছ উত্তৰ পূৰ্বাঞ্চল ভিত্তিত ল'ৰা আৰু ছোৱালী ভলীবল সমাৰোহ-২০২৪। বৃহস্পতিবাৰে এই সমাৰোহৰ সফল পৰিসমাপ্তি ঘটে । এই সন্দৰ্ভত বিদ্যালয় প্ৰাঙ্গনত বৃহস্পতিবাৰে অনুষ্ঠিত কৰা হয় বৰ্ণাঢ্য সামৰণি অনুষ্ঠান ।
বিদ্যালয় প্ৰাঙ্গনত বিয়লি ৫বজাৰ পৰা শুভাৰম্ভ হোৱা সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়। অতিথি হিচাবে উপস্থিত থাকে ধেমাজি জিলাৰ উপ আৰক্ষী অধীক্ষক সিদ্ধেশ্বৰ বৰা আৰু ঢকুৱাখনাৰ জ্যেষ্ঠ সাংবাদিক অমৃত পৱন বৰা ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/392ac938-9661-4a8c-895c-1adbd38f374d/d1945287-896d-4a35-987e-9d9a2ed0deb1.jpg)
পি এম চি স্কুল জৱাহৰ নবোদয় বিদ্যালয়ৰ শ্বিলং মণ্ডলৰ অন্তৰ্গত ৯৯খন বিদ্যালযৰ ৩৬১গৰাকী প্রতিযোগীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত। মুঠ ১৮৬গৰাকী ল'ৰা আৰু ১৭৩গৰাকী ছোৱালী প্ৰতিযোগীযে ১৪ বছৰ, ১৭ বছৰ আৰু ১৯বছৰ অনুৰ্ধ শাখাত অংশগ্ৰহণ কৰিছিল এই ভলীবল সমাৰোহ-২০২৪ত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/07aca0cc-51ba-4de7-8948-af47af847008/b34ca8ef-7b6c-4bf4-9bf6-992136545d32.jpg)
বিগত ৩দিনীয়া এই সমাৰোহৰ বৃহস্পতিবাৰে সামৰণি অনুষ্ঠানত শ্ৰেষ্ঠত্ব অর্জন কৰা ৮টা ক্লাষ্টাৰৰ প্ৰতিযোগী দল আৰু শ্ৰেষ্ঠ প্ৰতিযোগীসকলক মানপত্ৰ, মেডেল আৰু ট্ৰফীৰে সন্মানিত কৰা হয় । বিদ্যালয়ৰ পি জি টি শুভদ্বীপ দত্ত চৌধুৰী আৰু গিতাশ্রী সুকন্যাই আঁত ধৰা সামৰণি অনুষ্ঠান বিদ্যালয়ৰ এটি সমবেত সংগীতেৰে শুভাৰম্ভ কৰা হয় ।
জে এন ভি ধেমাজিৰ অধ্যক্ষ অঞ্জনাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত বিদ্যালয়ৰ সকলো শিক্ষক কৰ্মচাৰী, অংশীদাৰী ক্লাষ্টাৰৰ সকলো বিষয়ববীয়া আৰু খেলুৱৈসকল উপস্থিত থাকে। সুশৃংখলিত আৰু মনোজ্ঞ অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকি মননশীল বক্তব্য আগবঢ়াই ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/5a7afa4d-a3d7-4f0d-bbcf-9ec51f498434/5760ac37-061a-44fb-8896-b6b7efa16714.jpg)
মাণ্ডলীক ভিত্তিত অনুষ্ঠিত এই সমাৰোহৰ সফল সমাপ্তি হোৱাৰ পৰৱৰ্তী সময়ত এইসকল শ্ৰেষ্ঠ বিবেচিত খেলুৱৈ ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰাৰ বাবে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰা হয় । বিদ্যালয়ৰ ক্ৰীড়া সমন্বয়ক প্ৰদ্যুৎ বুঢ়াগোঁহাই আৰু উপাসনা গোঁহাই সমন্বিতে বিদ্যালয়ৰ সকলো শিক্ষক কৰ্মচাৰীৰ সুপৰিকল্পিত আৰু শৃংখলাবদ্ধ পৰিচালনাৰ শলাগ লোৱা হয় অনুষ্ঠানত। এই গুৰুত্বপূৰ্ণ ক্ৰীড়া সমাৰোহত সহযোগিতা আগবঢ়োৱাৰ বাবে আমন্ত্ৰিত অতিথি আৰু অংশগ্ৰহণকাৰী প্ৰতিযোগী দলসমূহক বিদ্যালয় কৰ্তৃপক্ষৰহৈ জ্যেষ্ঠ শিক্ষক ৰবীন্দ্ৰ বৰপাত্ৰ গোঁহাইযে কৃতজ্ঞতা জ্ঞাপন কৰে ।