বোকাজানত জব্দ অবৈধ বিলাতী সুৰা

পুনৰ অসম আৰক্ষীৰ সফল অভিযান
বোকাজানত জব্দ অবৈধ বিলাতী সুৰা
বোকাজানত জব্দ অবৈধ বিলাতী সুৰা

ডিজিটেল সংবাদ,বোকাজানঃ বোকাজান ত জব্দ অবৈধ বিলাতী সুৰা। অসম নাগালেণ্ড সীমান্তৰ পুৰণা লাহৰিজানত জব্দ হয় ৫৫০ কাৰ্টুন অবৈধ মেঘালয় সুৰা। এক বিশেষ সূত্ৰৰ ভিত্তিত অসম আৰক্ষী আৰু আবকাৰী বিভাগৰ যৌথ অভিযানত গুৱাহাটী দিশৰ পৰা আহি থকা AS01-PC-4897নম্বৰৰ এখন ট্ৰাকত তালাচী চলাই জব্দ কৰে অবৈধ সুৰাখিনি।

জানিব পৰা অনুসৰি জব্দকৃত সুৰাখিনি অতি কৌশলতাৰে প্লাষ্টিক সামগ্ৰীৰ তলত লুকুৱাই আনিছিল আৰু সুৰাখিনি মণিপুৰৰ ইম্ফললৈ নিয়াৰ পৰিকল্পনা চলাইছিল। এই সন্দৰ্ভত আৰক্ষীয়ে ২টা সৰবৰাহকাৰীক আটক কৰিছে।

জব্দ হোৱা অবৈধ সুৰাখিনিৰ আনুমানিক বজাৰ মূল্য পোন্ধৰ লাখ টকা মান হ'ব বুলি জানিবলৈ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in