/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/84fdc1a8-cc05-492a-87ac-a25013f46de5/doigrung.jpg)
কোটি কোটি টকাৰ ৰাজহ ফাঁকিৰে দৈগ্ৰোং নদীত বালিৰ অবৈধ খনন...
ডিজিটেল সংবাদ নুমলীগড়: গোলাঘাটৰ মৰঙিৰ ভিন্ন প্ৰান্তত চলিছে অবৈধ বালিখনন। সমান্তৰালকৈ বন ধ্বংসযজ্ঞ ৷ বকিয়াল আৰু মুৰফুলনী বন খণ্ডৰ অধীনৰ দৈগ্ৰোং নদীৰ মিৰিপথাৰ, নগাকটা, কাঠনি, শ্যামৰাইপুৰ আদি অঞ্চলৰ নদীৰ কাষৰ পাৰ খান্দি দৈনিক শ শ ডাম্পাৰ বালি সৰবৰাহ কৰি অবৈধ বালিখনন অব্যাহত ৰাখিছে একাংশ বালি মাফিয়াই ৷
যাৰ ফলত জীৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি নামি অহাৰ লগতে কাষৰীয়া গাওঁসমূহলৈ নমাই আনিছে অশনি সংকেট ৷ একাংশ ধুৰন্ধৰ বন বিষয়াৰে মিলি কমিছনৰ অংকত বালি মাফিয়াই চলাই গৈছে অবাধ লুণ্ঠন ৷
কিছু দিনৰ আগতে গুৱাহাটীৰ পৰা মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই এই সমূহ অঞ্চলত স্বচক্ষে প্ৰত্যক্ষ কৰি গোলাঘাট বন বিভাগক কঠোৰ ব্যবস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে যদিও পুণৰ দুগুন উৎসাহেৰে বালি মাফিয়াই চলাই গৈছে অবাধ বনজ সম্পদৰ ধ্বংশযজ্ঞ ৷ শীঘ্ৰেই অবৈধ বালি খনন বন্ধ কৰি নদীক সুৰক্ষিত কৰাৰ দাবী জনাইছে ৰাইজে।
ক্লিক কৰি পঢ়কঃ মুখ্যমন্ত্ৰীয়ে চিকিৎসাৰ বাবে দীপক শৰ্মাক দিলে ১ লাখ টকা...