/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/077b8b9b-ab1c-4949-855d-9565e0d44f7d/sunga_jan_19.jpg)
অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ...
ডিজিটেল ডেস্কঃ চুঙাজানত অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ। জব্দ কৰা ট্ৰাকখনৰ নম্বৰ AS05 C 9004 বুলি জানিব পৰা গৈছে। লাচিত সেনা, অসম সুৰক্ষা বাহিনীৰ সহযোগত চুঙাজান থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াইই সোধ- পোছৰ বাবে গাড়ীখনৰ ট্ৰাকখন জব্দ কৰে।
উল্লেখ্য যে, বিগত বহু দিনৰ আগৰে পৰা চুঙাজানত গঢ় লৈ উঠা ইটা ভাটাসমূহত অবৈধ ভাবে কয়লা যোগান ধৰি আহিছিল।সোমবাৰে লাচিত সেনা, অসম সুৰক্ষা বাহিনীৰ সহযোগত চুঙাজান থানাৰ আৰক্ষী বিষয়াই জব্দ কৰে এনে অবৈধ কয়লা কঢ়িওৱা ট্ৰাকখন।
চুঙাজান থানাৰ অন্তৰ্গত বিভিন্ন ঠাইত গঢ়লোৱা প্ৰায় শতাধিক ইটা ভাটাত অবৈধভাৱে কয়লা যোগান ধৰি আহিছিল এই ট্ৰাকখনে। অবৈধভাৱে গঢ়লৈ ওঠা ইটা ভাটাসমূহৰ আলম লৈয়ে চলিছে কয়লাৰ অবৈধ বেহা।
চুঙাজান থানাৰ আন্তৰ্গত ইটা ভাটাটোত থকা সম্পূৰ্ণ নথি পত্ৰ বিহীন ট্ৰাকখন চুঙাজান আৰক্ষীয়ে CRPF ৰ লগত আলোচনা কৰিহে আনিবলগীয়া হৈছে। কেৱল CRPF নহয় নগালেণ্ড প্ৰশাসনৰ লগত আলোচনা কৰি চুক্তিপত্ৰত স্বাক্ষৰ কৰিবলীয়া হৈছে।
কাৰন নগালেণ্ড প্ৰশাসনৰ মতে সেই এলেকাটো নাগালেণ্ডৰ। বিষয়টোৰ সন্দৰ্ভত নগালেণ্ড প্ৰশাসন আৰু অসমৰ প্ৰশাসনৰ লগত আলোচনা কৰি কয়লা কঢ়িওৱা ট্ৰাকখন চুঙাজান আৰক্ষীয়ে জব্দ কৰে।
ক্লিক কৰি পঢ়কঃ সামৰণি পৰিল 'সপ্তম অসম আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলা - ২০২২"