সামৰণি পৰিল 'সপ্তম অসম আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলা - ২০২২"

সামৰণি পৰিল 'সপ্তম অসম আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলা - ২০২২"

author-image
Asomiya Pratidin
New Update
সামৰণি পৰিল 'সপ্তম অসম আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলা - ২০২২"

সামৰণি পৰিল 'সপ্তম অসম আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলা - ২০২২"

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত ১৭ ৰ পৰা ১৯ ডিচেম্বৰলৈ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ থকা "সপ্তম অসম আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলা - ২০২২"ৰ আজিৰ সামৰণি অনুষ্ঠানত জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই অংশ গ্ৰহণ কৰে ।অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰীগৰাকীয়ে কয় যে, কৃষি প্ৰধান ৰাজ্য হিচাপে অসমৰ কৃষকসকলৰ উন্নয়নৰ ওপৰত ৰাজ্যখনৰো উন্নয়ন নিৰ্ভৰ কৰে।

Advertisment

মন্ত্ৰীগৰাকীয়ে কৃষক তথা কৃষিৰ উন্নয়নৰ জৰিয়তে ৰাজ্যখনক স্ব-নিৰ্ভৰশীল কৰি তোলাৰ ওপৰত গুৰুত্ব দিবলৈ উপস্থিত কৃষক আৰু কৃষি বিভাগৰ বিষয়াসকলক আহ্বান জনায় । তেওঁ এই অনুষ্ঠানত উপস্থিত থাকি কৃষি ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বিভিন্ন ব্যক্তি, অনুষ্ঠান তথা আত্ম সহায়ক গোটক বঁটা প্ৰদান কৰে আৰু অধিক কৃষি ক্ষেত্ৰত মনোনিবেশ কৰিবৰ বাবে উৎসাহ প্ৰদান কৰে।

বৰ্তমানৰ বিশ্বায়নৰ যুগত কৃষি আৰু কৃষকক, প্রযুক্তি নিৰ্ভৰ ধাৰাৰ লগত খোজত খোজ মিলাই আগুৱাই নিবলৈ কৃষিক বিজ্ঞান ভিত্তিক উদ্যোগৰ পৰ্যায়লৈ উত্তৰণ ঘটাব লাগিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ভাৰত চৰকাৰে তথা অসম চৰকাৰে ইতিমধ্যে কৃষকসকলৰ সহায়ক হোৱাকৈ বহুতো গুৰুত্বপূৰ্ণ আঁচনি ৰূপায়ন কৰি আছে বুলিও মন্তব্য কৰিছে। অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, বিধায়ক পোনাকন বৰুৱাৰ লগতে কৃষি বিভাগ তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ বিষয়াসকল উপস্থিত থাকে।

ক্লিল কৰি পঢ়কঃ দৃষ্টিহীন শিক্ষাৰ্থীৰ শিক্ষালৈ যুগান্তকাৰী অৱদানঃ বিনামূলীয়াকৈ বিতৰণ হেমকোষৰ ব্ৰেইল সংস্কৰণ...

সপ্তম অসম আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলা - ২০২২ কেশৱ মহন্ত অতুল বৰা পীযুষ