পুনৰ ফুটবলৰ দেশলৈ ঘূৰি যাব বিশ্ব চেম্পিয়নৰ খিতাপ ! কাটাৰত লিপিবদ্ধ হ'ব নতুন ইতিহাস...

পুনৰ ফুটবলৰ দেশলৈ ঘূৰি যাব বিশ্ব চেম্পিয়নৰ খিতাপ
পুনৰ ফুটবলৰ দেশলৈ ঘূৰি যাব বিশ্ব চেম্পিয়নৰ খিতাপ

ডিজিটেল ডেস্কঃ মাজত মাত্ৰ কেইটমান মুহূৰ্ত। বেলি ডুবাৰ লগে লগে আৰম্ভ হ'ব ফিফা বিশ্বকাপ ২০২২। কাটাৰত সাজু ৰণাংগন। ৯০ মিনিটৰ যুদ্ধৰ বাবে মহা আয়োজন কাটাৰত।

বিশ্বজুৰি সৃষ্টি হোৱা ফুটবল উন্মাদনাৰ মাজতেই কোনে মাৰিব শেষ হাঁহি অথবা কোন হ'ব বিশ্ব চেম্পিয়ন তাৰ আগতীয়া হিচাপ, নিকাচত ব্যস্ত ফুটবল বিশেষজ্ঞ। সকলো ব্যস্ত নিখুট প্ৰেডিকশ্যনত।

তাৰ মাজতেই ক্ৰীড়া ৱেবছাইত অপ্টা এনালিষ্টৰ এক সমীক্ষাই বিশ্বজুৰি লাভ কৰিছে চৰ্চা। এই ৱেব ছাইটৰ সমীক্ষা অনুসৰি ফুটবলৰ দেশলৈ ঘূৰি যাব ফিফাৰ শ্ৰেষ্ঠত্বৰ সন্মান। এই ৱেব ছাইটৰ মতে মুঠ ৬ টা দলে এইবাৰ ফেভাৰিট আখ্যা পাইছে। তাৰ ভিতৰত ব্ৰাজিল আছে শীৰ্ষত।

সমীক্ষা অনুসৰি এই তালিকাৰ ষষ্ঠ স্থানত আছে জাৰ্মানী। কাটাৰত জাৰ্মানীৰ জয়ৰ সম্ভাৱনা ৭.৭ শতাংশ। চাৰিবাৰৰ বিশ্বকাপ চেম্পিয়ন জাৰ্মানীয়ে ২০১৪ ত মহাশক্তিশালী ব্ৰাজিলক তেওঁলোকৰ ঘৰত ৭-১ ত পৰাভূত কৰি বিশ্বজয় কৰাৰ গৌৰৱ অৰ্জন কৰিছিল।

২০১৮ ত আকৌ ২০১৪ ৰ চেম্পিয়ন জাৰ্মানী দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে পৰাভূত হৈছিল। গ্ৰুপ পৰ্যায়ৰ পৰাই বাহিৰ হৈছিল দলটো। এইবাৰ জাৰ্মানীয়ে ২০১৮ ৰ ভুলৰ শিক্ষালৈ দলটোক নতনুকৈ গঢ়িছে।

দলটোৰ প্ৰতিটো স্থানত কমেও এজন গুৰুত্বপূৰ্ণ খেলুৱৈ আছে। জাৰ্মানীৰ গ'লৰক্ষক নইৰ আৰু টেৰ ষ্টেগেন দুয়োজনে চলিত ছিজনত তেওঁলোকৰ ক্লাবক কেইবাবাৰো পৰাজয়ৰ পৰা ৰক্ষা কৰিছে।

মিডফিল্ডত আছে গুণ্ডোগান আৰু খিমিচ। এই দুয়ো তাৰকাই দলত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ সম্ভাৱনা আছে। ফৰৱাৰ্ডত, ফাষ্ট আৰু মুলাৰৰ দৰে অভিজ্ঞ খেলুৱৈ আছে। দলটোৰ হৈ চানে আৰু নাবিৰে একেলগে গ'ল কৰিব পৰাকৈ ৰণকৌশল প্ৰস্তুত কৰিছে।

পঞ্চম স্থানত আছে ইংলেণ্ড। ইংলেণ্ডে ১৯৬৬ চনৰ পৰা এটাও বিশ্বকাপ জিকিব পৰা নাই। অৱশ্যে যোৱা কেইবাটাও বছৰত ইংলেণ্ডে ভাল খেলিছে। দলটোৰ প্ৰায় সকলো খেলুৱৈয়ে বিশ্বৰ শ্ৰেষ্ঠ লীগ ইংলিছ প্ৰিমিয়াৰ লীগত খেলিছে।

হেৰী কেনৰ অধিনায়কত্বত দলটোৱে ২০২০ চনত ইউৰো কাপৰ ফাইনেলত উপনীত হৈছিল। দলটো যুৱ প্ৰতিভাৰে পৰিপূৰ্ণ। মাৰ্কাছ ৰাছফৰ্ড, ট্ৰেণ্ট আৰ্নল্ড, এৰন ৰেমছ ডেল, বুকায়ো চাকা আৰু জুড বেলিংহামৰ দৰে যুৱ তাৰকা আছে দলটোত।

মাৰ্কাছ ৰাছফৰ্ড এই বছৰ ম্যানচেষ্টাৰ ইউনাইটেডৰ শীৰ্ষ স্কোৰাৰ খেলুৱৈ। একে সময়তে, দলটোৰ গ'লৰক্ষক নিক পোপ আৰু এৰন ৰেমছ ডেলে ইংলিছ প্ৰিমিয়াৰ লীগত এটাও গ'ল ভেদ হ'বলৈ দিয়া নাই।

সমীক্ষাৰ চতুৰ্থ স্থানত আছে স্পেইনষ স্পেইনৰ বিজয়ৰ সম্ভাৱনা ৮.৯ শতাংশ। ২০১০ ৰ চেম্পিয়ন স্পেইনে এতিয়ালৈ মাত্ৰ এবাৰেই বিশ্ব জয়ৰ সোৱাদ লাভ কৰিছে। ২০১০ ৰ পূৰ্বে দলটো এবাৰো ফাইনেলত উপনীত হোৱা নাছিল।

এই বছৰ দলটোৰ সৈতে কেইবাজনো যুৱ আৰু প্ৰতিভাৱান খেলুৱৈ আছে। এই দলটো গঠন কৰিছে বাৰ্চিলোনাৰ প্ৰাক্তন প্ৰশিক্ষক লুইছ এনৰিকে। দলটোত আছে বাৰ্চিলোনাৰ দুজন আকৰ্ষণীয় যুৱ মিডফিল্ডাৰ। গাভি আৰু পেদ্ৰী।

পেড্ৰীক ২০২১ চনত ইয়ং প্লেয়াৰ অফ দা ইয়েৰ হিচাপে মনোনীত কৰা হৈছে। গাভিয়ে এই বছৰ ইউৰোপৰ গল্ডেন বয় বঁটাও লাভ কৰিছে। স্পেনিছ দলৰ পাছিং দক্ষতাও অতুলনীয়।

সমীক্ষাৰ তৃতীয় স্থানত আছে ফ্ৰান্স। ফ্ৰান্সৰ বিজয়ৰ সম্ভাৱনা ১২ শতাংশ। ফ্ৰান্সৰ নামত আছে ২ টা বিশ্বকাপৰ খিতাপ। ডিফেণ্ডিং চেম্পিয়ন ফ্ৰান্সে ২০১৮ আৰু ১৯৯৮ চনৰ বিশ্বকাপ দখল কৰিছিল। ইউৰো ২০২০ ত ফ্ৰান্স ১৬ ৰাউণ্ডত নক আউট হৈছিল।

এইবাৰ সকলোৰে দৃষ্টি দলটোৰ তাৰকা ষ্ট্ৰাইক কেলিয়ান এমবাপেৰ ওপৰত থাকিব। অৱশ্যে, কৰিম বেঞ্জেমাৰ আঘাতে দলটোক বিপদত পেলাইছে। যোৱা এবছৰত, বেঞ্জেমাই অতি দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াইছে।

এই বছৰ তেওঁ ফুটবলৰ সৰ্বোচ্চ সন্মান বেলন ডি'অৰো লাভ কৰিছে। আনহাতে দলটোৰ কেলিয়ান এমবাপে হৈছে এই ছিজনত ইউৰোপৰ তৃতীয় সৰ্বাধিক গ'ল সংগ্ৰাহক।

সমীক্ষাৰ দ্বিতীয় স্থানত আছে মেছিৰ আৰ্জেণ্টিনা। দলটোৰ বিশ্বকাপ জয়ৰ সম্ভাৱনা ১৩.১ শতাংশ। মাৰাডোনাই ১৯৮৬ চনত আৰ্জেণ্টিনাক বিশ্বকাপ জয়ৰ সোৱাদ জিকিছিল। ২০১৪ ত দলটো উপনীত হৈছিল ফাইনেলত।

২০১৮ ত আকৌ ৰাউণ্ড অফ ১৬ তেই পৰাস্ত হৈছিল। অৱশ্যে ২০২১ত কোপা আমেৰিকা জয় কৰি দলটো আত্মবিশ্বাসী হৈ আছে।

আৰ্জেণ্টিনাৰ মুখ্য প্ৰশিক্ষক লিয়োনেল স্কলোনি দলটোৰ বাবে লাকী হিচাপে প্ৰমাণিত হৈছে। ফিফা বিশ্বকাপ ২০১৮ৰ পিছত স্কলোনি আৰ্জেণ্টিনাৰ প্ৰশিক্ষক হৈছে। তেওঁৰ তত্বাৱধানতে দলটোৱে দুটা আন্তঃৰাষ্ট্ৰীয় ট্ৰফী জয় কৰিছে।

এইবাৰো লিঅ'নেল মেছিয়ে বিশ্বকাপত আক্ৰমণাত্মক ৰূপ ল'ব। দলটোৰ মিড ফিল্ডাৰ এঞ্জেল ডি মাৰিয়া আৰু ডি পল ভাল ফৰ্মত আছে। প্ৰতিৰক্ষাত লিচেন্দ্ৰো মাৰ্টিনেজৰ আগমনে দলটোক শক্তিশালী কৰি তুলিছে।

সমীক্ষা অনুসৰি এইবাৰ ব্ৰাজিলৰেই বিশ্বকাপ জয়ৰ সম্ভাৱনা অধিক। বিশ্বকাপৰ ইতিহাসত ব্ৰাজিলৰ সৰ্বাধিক খিতাপ আছে। ব্ৰাজিলে অভিলেখ সংখ্যক ৫ বাৰ বিশ্বকাপ জিকিছে। ব্ৰাজিলে শেষবাৰৰ বাবে ২০০২ চনত বিশ্বকাপ জয় কৰিছিল।

যোৱা বিশ্বকাপ অৰ্থাৎ ২০১৮ত ব্ৰাজিল কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হৈছিল। বেলজিয়ামৰ বিৰুদ্ধে দলটো ২-১ গ'লত পৰাজিত হয়। এই বছৰ কোপা আমেৰিকাত পৰাজিত হোৱা স্বত্বেও, ব্ৰাজিল কিন্তু বিশ্বকাপ জিকাৰ বাবে অন্যতম ফেভাৰিট। ব্ৰাজিলৰ আক্ৰমণাত্মক লাইনআপ যথেষ্ট শক্তিশালী। নেইমাৰে দলটোক নেতৃত্ব দিব।

নেইমাৰ বৰ্তমান ইউৰোপৰ ক্লাব ফুটবলত ছয় নম্বৰ গ'ল সংগ্ৰাহক। তেওঁৰ ফৰ্মো ঘূৰি আহিছে। ব্ৰাজিলৰ আক্ৰমণাত্মক লাইনআপত, ভিনিচিয়াছ জুনিয়ৰ, গেব্ৰিয়েল আৰু ৰাফিনাই তেওঁলোকৰ নিজ নিজ ক্লাবত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

ব্ৰাজিলৰ প্ৰতিৰক্ষাত এজন অভিজ্ঞ খেলুৱৈ আছে। ৩৮ বছৰীয়া থিয়াগো চিলভা, ৩১ বছৰীয়া জুভেণ্টাছৰ তাৰকা ডিফেণ্ডাৰ ডেনিয়েলো আৰু ইউৰোপৰ অন্যতম শীৰ্ষ খেলুৱৈ কেচেমিৰোয়ে প্ৰতিৰক্ষা দলৰ নেতৃত্ব দিব।

ব্ৰাজিলত ইউৰোপৰ দুজন শ্ৰেষ্ঠ গ'লৰক্ষক আছে। ম্যানচেষ্টাৰ চিটিৰ এডাৰচন আৰু লিভাৰপুলৰ এলিচন বেকাৰে বিশ্বকাপত ব্ৰাজিলক কৰি তুলিব অপ্ৰতিৰোধ্য।

ক্লিক কৰি পঢ়কঃ সংঘত ভকতৰেই জয়

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in