
ডিজিটেল ডেস্ক: ভাৰত-চীনৰ মাজত উত্তেজনাময় পৰিস্থিতি চলি থকাৰ সময়তে ভাৰত চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বাবে প্ৰায় ১২০ টা 'প্ৰলয়' বেলিষ্টিক মিছাইল ক্ৰয় কৰিবলৈ অনুমোদন জনাইছে।
সশস্ত্ৰ বাহিনীয়ে মিছাইল সমূহক চীন আৰু পাকিস্তানৰ সৈতে সীমান্তত মোতায়েন কৰিব। বৰ্তমান, বেলিষ্টিক মিছাইলে ১৫০ৰ পৰা ৫০০ কিলোমিটাৰ লৈকে লক্ষ্যত আঘাত কৰিব পাৰে। শত্ৰুৰ বাবে এই মিছাইলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এখন উচ্চ পৰ্যায়ৰ বৈঠকত সশস্ত্ৰ বাহিনীৰ বাবে প্ৰায় ১২০ টা 'প্ৰলয়' মিছাইলৰ ক্ৰয় আৰু সীমান্তত মোতায়েন ৰখাত অনুমোদন জনাইছে।
'প্ৰলয়' হৈছে এক অৰ্ধ-বেলিষ্টিক মিছাইল। এই উন্নত মিছাইলটো এনেদৰে বিকশিত কৰা হৈছে যে ই ইণ্টাৰচেপ্টাৰ মিছাইলক বিফল কৰিবলৈ সক্ষম। এই মিছাইলটো প্ৰথমে ভাৰতীয় বায়ু সেনাত অন্তৰ্ভুক্ত কৰা হ'ব। ইয়াৰ পিছত, ই ভাৰতীয় সেনাত অন্তৰ্ভূক্ত কৰাৰ সম্ভাৱনা আছে।
আৰু পঢ়ক: ছাত্ৰ বৃত্তি কেলেংকাৰী; আটক বৰপেটাৰ জনপ্রিয় মহাবিদ্যালয়ৰ ভাৰপ্রাপ্ত অধ্যক্ষ