ছাত্ৰ বৃত্তি কেলেংকাৰী; আটক বৰপেটাৰ জনপ্রিয় মহাবিদ্যালয়ৰ ভাৰপ্রাপ্ত অধ্যক্ষ

বৰপেটাত পুনৰ এগৰাকী ভাৰপ্রাপ্ত অধ্যক্ষক আটক কৰে আৰক্ষীয়ে। ঈশান উদয় ছাত্রবৃত্তি কেলেংকাৰী সন্দৰ্ভত দেওবাৰে আটক কৰে অধ্যক্ষগৰাকীক।

author-image
Asomiya Pratidin
New Update
ছাত্ৰ বৃত্তি কেলেংকাৰী; আটক বৰপেটাৰ জনপ্রিয় মহাবিদ্যালয়ৰ ভাৰপ্রাপ্ত অধ্যক্ষ

ডিজিটেল ডেস্ক: বৰপেটাত পুনৰ এগৰাকী ভাৰপ্রাপ্ত অধ্যক্ষক আটক কৰে আৰক্ষীয়ে। ঈশান উদয় ছাত্রবৃত্তি কেলেংকাৰী সন্দৰ্ভত দেওবাৰে আটক কৰে অধ্যক্ষগৰাকীক।

Advertisment

আটক হয় বৰপেটাৰ জনপ্রিয় মহাবিদ্যালয়ৰ ভাৰপ্রাপ্ত অধ্যক্ষ ছিৰাজুল হক। অধ্যক্ষগৰাকীক মহাবিদ্যালয়ৰ পৰা আটক কৰে আৰক্ষীয়ে।

জানিব পৰা মতে ঈশান উদয় ছাত্রবৃত্তি কেলেংকাৰী সন্দৰ্ভত সোধাপোছাৰ বাবে আটক কৰা হৈছে অধ্যক্ষ গৰাকীক। ইতিপূৰ্বে গ্রেপ্তাৰ হৈছিল হৰেন্দ্র চিত্রা মহাবিদ্যালয়ৰ অধ্যক্ষ জাকিৰ হুছেইন। লগতে গ্রেপ্তাৰ হৈছিল কাৰ্যালয় সহায়ক চাহাবুদ্দিন

বৰ্তমান দুয়োগৰাকী তিনিদিনৰ বাবে বৰপেটা আৰক্ষীৰ জিম্মাত আছে। ঘটনা সন্দৰ্ভক তদন্ত অব্যাহত আছে।

আৰু পঢ়ক: ভাৰত জোড়ো যাত্ৰাত অংশ গ্ৰহণ কৰা লোকক সোধা পোচা কৰিছে আইবিয়ে : কংগ্ৰেছ

assam arrested ishan udai Assam police