চুনচালী সেউজ নগৰ টিলাৰ ৰাইজৰ চোতালত হুঁচৰি বিহু পৰিবেশন
চুনচালী সেউজ নগৰ টিলাৰ ৰাইজৰ চোতালত হুঁচৰি বিহু পৰিবেশন

চুনচালী সেউজ নগৰ টিলাৰ ৰাইজৰ চোতালত হুঁচৰি বিহু পৰিবেশন

ডিজিটেল সংবাদ,গুৱাহাটীঃ পৰম্পৰা ৰক্ষা কৰি সেউজ নগৰ টিলাবাসীয়ে বিগত বছৰৰ সমান্তৰালকৈ এইবাৰো চহৰৰ কেবাটাও স্থানত হুঁচৰি পৰিবেশন কৰে। গৃহস্থৰ চোতালত হুঁচৰি গাই আশীৰ্বাদ প্ৰদান কৰে দলটোৱে। বিগত ১৮ বছৰে এনেদৰে বিহু উদযাপন কৰি আহিছে সেউজ নগৰ টিলাবাসীয়ে। বিহু উৰুকাৰ দিনা ৰাইজৰ নামঘৰৰ প্ৰাংগনত বিহু হুঁচৰি আৰম্ভ কৰি দেশ তথা ৰাজ্যৰ মংগল কামনা কৰি সকলোৱে সেৱা লয়।

ইয়াৰ পিছতেই টিলাবাসীৰ ঘৰে ঘৰে বিহু হুঁচৰি মাৰে আৰু নতুন বছৰৰ সকলোৰে মংগল কামনা কৰি আশীৰ্বাদ দিয়া হয়। মানুহ বিহুৰ দিনা গুৱাহাটীৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ ঘৰত তেখেত সকলৰ নিমন্ত্ৰণ ক্রমে তেওঁলোকৰ চোতালত হুঁচৰি মৰা হয়। ইয়াৰ ভিতৰত নৃত্যচাৰ্য যতিন গোস্বামী,নুনমাটি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডম্বৰুধৰ তালুকদাৰ,শিল্পী দিলীপ দাসৰ লগতে কেবাগৰাকী লোকৰ ঘৰত বিহু হুঁচৰি মাৰি সংস্কৃতিভাগ ৰক্ষা কৰা লগতে নতুন প্ৰজন্মক ইয়াৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা কৰে। মহানগৰীৰ বিভিন্ন ব্যস্ততা আৰু ধামখুমীয়াৰ মাজতো প্ৰায় হেৰাই যাব ধৰা সংস্কৃতি ভাগ জীয়াই ৰখাৰ প্ৰয়াসক সকলোৱে ভূঁয়সী প্ৰশংসা কৰে।

চুনচালী সেউজ নগৰ টিলাৰ ৰাইজৰ চোতালত হুঁচৰি বিহু পৰিবেশন
টেঙাখাতত সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in