/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/1566124e-1109-4002-8b32-3d9f5bffd522/sarba.jpg)
টেঙাখাতত সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ
ডিজিটেল সংবাদ, টেঙাখাতঃ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহা লগে লগে টেঙাখাতটো নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ পৰিছে। সোমবাৰে টেঙাখাত সৰু অভয়পুৰীয়া বৰ নামঘৰত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈ ভকত বৈষ্ণৱৰ আগত সেৱা গ্ৰহণ কৰে ।
চুতীয়া উন্নয়ন পৰিষদ নামঘৰ পৰিচালনা সমিতিৰ তত্বাৱধানত অনুষ্ঠিত উক্ত কাৰ্যসূচীত সোণোৱালক সংগ দিয়ে স্থানীয় সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী,বিধায়ক তেৰচ গোৱালা,প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা,গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈৰ লগতে কেবাগৰাকী দলীয় নেতা কৰ্মীয়ে।
উল্লেখ্য যে,চুতীয়া উন্নয়ন পৰিষদৰ উপাধ্যক্ষ প্ৰাঞ্জল ৰাজখনিকৰে আঁত ধৰা বিশেষ নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক বিভিন্ন ব্যক্তি,দল-সংগঠনে সম্বৰ্ধনা জনাই। পৰৱৰ্তী সময়ত সৰ্বানন্দ সোণোৱালে ৰাইজক উদ্দেশ্যি ভাষন প্ৰদান কৰে।
Also Read: কংগ্ৰেছে হিন্দু ধৰ্মক অপমান কৰি ৰাজনীতি কৰেঃ মুখ্যমন্ত্ৰী