Advertisment

কঠালগুৰি চাহবাগিছাত স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ

পাৰিবাৰিক অশান্তিৰ বাবেই এই হত্যাকাণ্ডটি সংঘটিত হোৱাৰ সন্দেহ ৰাইজৰ। ইতিমধ্যে হত্যাকাৰী স্বামী ৰঘু ওৰাঙক গ্ৰেপ্তাৰ কৰিছে শালনীবাৰী থানাৰ আৰক্ষীয়ে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  শোণিতপুৰৰ শালনিবাৰী থানাৰ অন্তৰ্গত কঠালগুৰি চাহবাগিছাৰ ৩ নং লাইনত সংঘটিত হয় এক জঘণ্য হত্যাকাণ্ড। স্বামীয়ে হত্যা কৰিলে পত্নীক। কঠালগুৰি চাহবাগিছাৰ ৩ নং লাইনৰ ৰঘু ওৰাঙ নামৰ এজন ব্যক্তিয়ে পত্নী বেলমতী ওৰাঙক দাৰে ঘপিয়াই হত্যা কৰে।

Advertisment

পাৰিবাৰিক অশান্তিৰ বাবেই এই হত্যাকাণ্ডটি সংঘটিত হোৱাৰ সন্দেহ ৰাইজৰ। ইতিমধ্যে হত্যাকাৰী স্বামী ৰঘু ওৰাঙক গ্ৰেপ্তাৰ কৰিছে শালনীবাৰী থানাৰ আৰক্ষীয়ে।

চাহ বাগিচা শোণিতপুুৰ