সোণাইত বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ : ধুবুৰীৰ দুই সৰবৰাহকাৰীক আটক

গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে সোণাই এলেকাৰ ধনেহৰিৰ শিলচৰ - সোণাই পথত অভিযান চলাই এখন অটোৰিক্সাৰ পৰা বুজণ পৰিমাণৰ য়াবা টেবলেট আৰু হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয়। 

author-image
Asomiya Pratidin
New Update
সোণাইত বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ

সোণাইত বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ

ডিজিটেল সংবাদ, শিলচৰ : ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অব্যাহত আছে অভিযান। সোমবাৰে নিশা গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে সোণাই এলেকাৰ ধনেহৰিৰ শিলচৰ - সোণাই পথত অভিযান চলাই এখন অটোৰিক্সাৰ পৰা বুজণ পৰিমাণৰ য়াবা টেবলেট আৰু হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয়। 

Advertisment

সোণাই থানাৰ অ'চি বিশ্বজিৎ নাথৰ নেতৃত্বত আৰক্ষীৰ দল এটাই অভিযান চলাই অটোৰিক্সাখনৰ পৰা ৪০ হাজাৰ য়াবা টেবলেট আৰু হেৰ'ইন ভৰ্তি ১৪টা চাবোনৰ বাকচ জব্দ কৰে। বাকচকেইটাৰ পৰা ২৬০ গ্ৰাম হেৰ'ইন জব্দ কৰে আৰক্ষীয়ে। আৰক্ষীৰ ভাষ্য অনুসৰি জব্দকৃত সামগ্ৰীখিনিৰ বজাৰ মূল্য প্ৰায় ১৪ কোটি টকা হ’ব।

আনহাতে উক্ত ঘটনাৰ খবৰ লাভ কৰাৰ কিছু সময়ত শিলচৰৰ পৰা আৰক্ষী উপ অধীক্ষক (সদৰ) মহেন্দ্ৰ বৰা  আৰু সদৰ থানাৰ অ''চি অমৃত কুমাৰ সিংহ ঘটনাস্থলীত উপস্থিত হয়। ইফালে, ড্ৰা গছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোক দুজন হৈছে- ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত  শ্যামচৰকুটি গাঁৱৰ আমিনুৰ ইছলাম আহমেদ (৩৬) আৰু কাজিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত খুটাবগৰা গাঁৱৰ মহম্মদ আলী তালুকদাৰ (৩৮) বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। 

উল্লেখযোগ্য যে ধৃত লোক দুজনৰ পৰা আৰক্ষীয়ে দুটা মোবাইল ফোনো জব্দ কৰে। নিচাজাতীয় সামগ্ৰীখিনি কাছাৰৰ পৰা ধুবুৰীলৈ নিয়াৰ বাবে অনা হৈছিল বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। 

বৰ্তমান ধৃত লোক দুজনক সোণাই থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। ইফালে আৰক্ষীৰ এই সফলতাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাছাৰ আৰক্ষীক উচ্চ প্ৰশংসা কৰিছে।

Dr. Himanta Biswa Sarma Assam police