কৃষক আন্দোলনৰ দুবছৰঃ ঢকুৱাখনাত কৃষক সভাৰ গণ বিক্ষোভ

কৃষক আন্দোলনৰ দুবছৰঃ ঢকুৱাখনাত কৃষক সভাৰ গণ বিক্ষোভ
কৃষক আন্দোলনৰ দুবছৰঃ ঢকুৱাখনাত কৃষক সভাৰ গণ বিক্ষোভ

ডিজিটেল সংবাদ ঢকুৱাখনা: কৃষকৰ নাৰ্য প্ৰাপ্য আদায়ৰ লগতে চহা শ্ৰমজীৱী ৰাইজৰ অধিকাৰ খৰ্বকাৰী বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত দেশ কঁপোৱা কৃষক আন্দোলনৰ দুটা বৰ্ষ পূৰ্তি উপলক্ষত শনিবাৰে এক গণ বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হয়। নিখিল ভাৰত কৃষক সভাৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত ঢকুৱাখনাত এই বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হয়।

জিলা কৃষক সভাৰ সভাপতি ডিম্বেশ্বৰ চেতিয়া, সম্পাদক গোপাল গগৈ, গহীন চুতীয়া, চন্দ্ৰ নাথ বৰুৱা, ঢকুৱাখনা আঞ্চলিক সম্পাদক পূৰ্ণানন্দ ফুকন, ঘিলামৰা আঞ্চলিক সম্পাদক দন্দেশ্বৰ গগৈ,পশ্চিম মাছখোৱা আঞ্চলিক সম্পাদক শিৱ চমুৱা, কেঁকুৰী আঞ্চলিক সম্পাদক সভাৰাম চেতিয়াকে প্ৰমুখ্য কৰি গৰিষ্ঠসংখ্যক কৰ্মকর্তাৰ অংশগ্ৰহণ কৰা এই বিক্ষোভ কাৰ্যসূচী আৰম্ভ হয় ঢকুৱাখনা লোকেল সমিতিৰ কাৰ্য্যালয়ৰ পৰা ।

কৃষকৰ লগত কৰা চুক্তিৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা বিশ্বাস ভংগ কৰা, নূন্যতম সহায়ক মূল্যৰ আইনী নিশ্চয়তা প্ৰদান কৰা, কৃষকৰ সকলো কৃষি ঋণ মাফ কৰা, কৃষিজাত সামগ্ৰীৰ ওপৰত জি এছ টি প্ৰত্যাহাৰ কৰা আদি বহু দাবীৰ সমৰ্থনত বাহিৰ হোৱা এই বিক্ষোভকাৰীসকলে হাতে হাতে প্লে' কাৰ্ড, দলীয় পতাকালৈ ঢকুৱাখনা নগৰৰ মূল নগৰাঞ্চল পৰিভ্ৰমণ কৰে।

পুনৰ দলীয় কাৰ্যালয়ত এই প্ৰতিবাদী কাৰ্যসূচী সামৰণি মাৰি কৃষক সভাই উপায়ুক্তলৈ ৫ টা কৃষি সমস্যা উল্লেখ কৰি আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ ৬ টা দাবী সন্নিবিষ্ট কৰি দুখন পৃথক পৃথক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in