যুৱ সাংবাদিক সন্থা আৰু লাহোৱাল মহাবিদ্যালয়ৰ যৌথ উদ্যোগত ১০ দিনীয়া সাংবাদিকতাৰ কৰ্মশালা

যুৱ সাংবাদিক সন্থা আৰু লাহোৱাল মহাবিদ্যালয়ৰ যৌথ উদ্যোগত ১০ দিনীয়া সাংবাদিকতাৰ কৰ্মশালা

author-image
Asomiya Pratidin
New Update
যুৱ সাংবাদিক সন্থা আৰু লাহোৱাল মহাবিদ্যালয়ৰ যৌথ উদ্যোগত  ১০ দিনীয়া সাংবাদিকতাৰ কৰ্মশালা

যুৱ সাংবাদিক সন্থা আৰু লাহোৱাল মহাবিদ্যালয়ৰ যৌথ উদ্যোগত ১০ দিনীয়া সাংবাদিকতাৰ কৰ্মশালা

ডিজিটেল সংবাদ লাহোৱালঃ ৰাজ্যৰ সাংবাদিক সংগঠনসমূহৰ ভিতৰত এটা অন্যতম সাংবাদিক সংগঠন যুৱ সাংবাদিক সন্থা, অসম আৰু লাহোৱাল মহাবিদ্যালয়ৰ যৌথ উদ্যোগত মহাবিদ্যালয়খনিৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আজিৰ পৰা ১০ দিনীয়া এখনি সাংবাদিকতাৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে । আজি শুভাৰম্ভণি অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য আবাসিক বিষয়া প্ৰশান্ত বৰকটকী, প্ৰতিদিন টাইমৰ জ্যোষ্ঠ সাংবাদিক মৃণাল তালুকদাৰ, মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° জ্যোতিপ্ৰসাদ দত্ত, মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি জেহেৰুদ্দিন আহমেদ, যুৱ সাংবাদিক সন্থা, অসমৰ সাধাৰণ সম্পাদক কাঞ্চনজ্যোতি গোহাঁইকে প্ৰমুখ্যে কৰি মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগৰসহ অধ্যাপক অধ্যাপিকা সকলো উপস্থিত থাকে ।

Advertisment

মহাবিদ্যালয়খনৰ সমাজতত্ব বিভাগৰ সহ-অধ্যাপিকা মিৰান্দা চেতিয়াই আঁত ধৰা আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জ্যোতিপ্ৰসাদ দত্তই উদ্দেশ্যে বাখ্যা কৰা অনুষ্ঠানটোত বন্তি প্ৰজ্বলনৰে শুভ উদ্বোধন কৰে অইল ইণ্ডিয়াৰ মুখ্য আবাসিক বিষয়া প্ৰশান্ত বৰকটকীয়ে। আজিৰ পৰা অনুষ্ঠিত হোৱা ১০দিনীয়া সাংবাদিকতাৰ কৰ্মশালাখনিত প্ৰথম দুদিনৰ সূচী অনুযায়ী প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে সমলব্যক্তি হিচাপে উপস্থিত থাকি সাংবাদিকতাৰ পাঠ্যক্ৰমৰ ওপৰত কিছু বাখ্যা আগবঢ়াব।

ক্লিক কৰি পঢ়কঃ সংঘাত নহয়, ভাতৃত্ববোধৰ এনাজৰী সুদৃঢ় কৰিবলৈ গোট হ'ল নগা-অসমীয়াঃ ৪ দিনীয়াকৈ ভলীবল প্ৰতিযোগিতা...

লাহোৱাল মহাবিদ্যালয় যুৱ সাংবাদিক সন্থা