/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/10b5d4ac-f35a-42d7-9358-a69bb896e396/AP_FOR_WEB_snake.jpg)
চৰাইদেউ কলীয়ামাটি প্ৰকাণ্ড অজগৰ উদ্ধাৰ....
ডিজিটেল সংবাদ চৰাইদেউঃ শুকুৰবাৰে পুৱাই চৰাইদেউ জিলাৰ কলীয়া মাটি গাঁৱত উদ্ধাৰ হয় এডাল প্ৰকাণ্ড অজগৰ সাপ।
গাঁওখনৰ মহেন্দ্ৰ হাটিমূৰীয়া নামৰ লোকজনৰ ঘৰত উদ্ধাৰ কৰা হৈছে এই অজগৰডাল। জানিব পৰা মতে লোকজনৰ গাধুৱা ঘৰত এই অজগৰ ডাল প্ৰত্যক্ষ কৰে।
ইয়াৰ পিছতে বন বিভাগক খবৰ দিয়া হয়। বন বিভাগৰ লোক আহি অজগৰ ডালক উদ্ধাৰ কৰে। এই সাপডালক অভয়পুৰ সংৰক্ষিত বনাঞ্চলত এৰ দিব বুলি জনা গৈছে।
Also Read: হাতত মাৰণাস্ত্ৰ লৈ মহানগৰীত পুৱাই দুটা ভিন্ন স্থানত মহিলাৰ পৰা কাঢ়ি নিলে অলংকাৰ...