/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/guwahtitar.jpg)
হাতত মাৰণাস্ত্ৰ লৈ মহানগৰীত পুৱাই দুটা ভিন্ন স্থানত মহিলাৰ পৰা কাঢ়ি নিলে অলংকাৰ...
ডিজিটেল ডেস্কঃ মহানগৰীত হ্ৰাস হোৱা নাই চিলনী চোৰৰ সন্ত্ৰাস। আৰক্ষী প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই প্ৰায় প্ৰতিদিনেই হাতত মাৰণাস্ত্ৰ লৈ চিলনী চোৰে অব্যাহত ৰাখিছে সন্ত্ৰাস।
শুকুৰবাৰে পুৱাই গুৱাহাটীৰ দুটাকৈ স্থানত চিলনী চোৰে পিষ্টল দেখুৱাই মহিলাৰ ডিঙৰ পৰা কাঢ়িলে সোণৰ চেইন। ইয়াৰে এটা ঘটনা সংঘটিত হৈছে হেঙেৰাবাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত আৰু আনটো ঘটনা সংঘটিত হৈছে চচলত।
জানিব পৰা মতে প্ৰথমে হেঙেৰাবাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ নামঘৰ পথত সংঘটিত হয় এই ঘটনা। এগৰাকী মহিলাই সন্তানক স্কুললৈ থবলৈ ওলাই অহাৰ সময়তে এজন যুৱকে পিষ্টল দেখুৱাই তেওঁৰ ডিঙিৰ পৰা চেইন ডালি আজুৰি নিয়ে। ইয়াৰ পাছতে অন্য এজন যুৱকে বাইৰ লৈ আহি সেই চেইন চুৰিত লিপ্ত যুৱকক লৈ সেই স্থানৰ পৰা উধাও হয়।
ইফালে চচলতো সংঘটিত হৈছে এনে এক ঘটনা। চচলত বাইক অহা দুৰ্বৃত্তই মহিলাৰ ডিঙিৰ সোণৰ চেইন লৈ উধাও হৈছে। ইয়াকো দুৰ্বৃত্তই পিষ্টল ব্যৱহাৰ কৰিছে। বৃহস্পতিবাৰেও চচলত সংঘটিত হৈছিল তেনে এক ঘটনা।
এইদৰে মহানগৰীত দিনৰ পোহৰতে হাতত পিষ্টল লৈ মহিলাৰ সোণৰ অলংকাৰ কাঢ়ি নিয়া বিষয়টোৱে মহানগৰীৰ সুৰুক্ষাৰ ফোপোলা স্বৰূপ উন্মোচিত কৰিছে। কিদৰে মুক্তভাৱে হাতত মাৰণাস্ত্ৰ লৈ দুৰ্বৃত্তই চেইন চুৰিৰ ঘটনাত লিপ্ত হৈছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।
Also Read: শনিবাৰে বিয়লি প্ৰদান কৰা হ'ব অসমীয়া প্ৰতিদিন ডিজিটেলৰ পূজা বিষয়ক ৰচনা প্ৰতিযোগিতাৰ পুৰস্কাৰ...