মণিপুৰত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিষ্ফোৰক উদ্ধাৰ...

মণিপুৰত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিষ্ফোৰক উদ্ধাৰ...

author-image
Asomiya Pratidin
New Update
মণিপুৰত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিষ্ফোৰক উদ্ধাৰ...

ডিজিটেল সংবাদ, শিলচৰ: চুবুৰীয়া ৰাজ্য মনিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত আছে। অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে অভিযান চলাই মণিপুৰৰ কাংপকপি সহ বিভিন্ন জিলাৰ পৰা জব্দ কৰে মাৰণাস্ত্ৰ আৰু বিষ্ফোৰকসমূহ।‌

Advertisment

কাংপকপি জিলাৰ মংবুং ৰিজ এলেকাত চলোৱা অভিযানত- এটা বল্ট একচন ইম্প্ৰভাইজড ৩০৩ ৰাইফল, দুটা বল্ট একচন ৩০৩ ৰাইফল, দুটা ১২ ব'ৰ চিংগল বেৰেল ৰাইফল, চাৰিটা গ্ৰেনেড, এটা লং ৰেঞ্জ ইম্প্ৰভাইজড মৰ্টাৰ আৰু ২২ টা সজীৱ গুলী জব্দ কৰে।

কাংপকপি জিলাৰ গোভাজাঙত চলোৱা আন এক অভিযানত মেগজিন সহ এটা .২২ ৰাইফল, এটা চিংগল ব'ৰ বেৰেল ৰাইফল, মেগজিনৰ সৈতে দুটা নাইন এম এম পিষ্টল, মেগাজিনৰ সৈতে এটা ৭.৬৫ এম এম পিষ্টল, ডিটনেটৰ সহ এটা হেণ্ড গ্ৰেনেড এটা চাইনিজ গ্ৰেনেড আৰু বহু সংখ্যক সজীৱ গুলী জব্দ কৰা হয়। ইফালে, ছংডো এলেকাৰ পৰা এটা ৯ এম এম পিষ্টল, এটা ইম্প্ৰভাইজড লংগ ৰেঞ্জ হেভী ম'ৰটাৰ, এটা ৯ এম এম, কাৰ্বাইন মেচিন গান, আৰু এটা ছিংগোল বৰেল গান, জব্দ কৰে নিৰাপত্তা বাহিনীয়ে।

Also Read: ধুবুৰীত পূৰ্বোত্তৰৰ উদ্যোগত কাৰ্গিল বিজয় দিৱস পালন...

manipur