/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/7ca2985b-076e-42e8-b3cc-583d8367e9b3/12.jpg)
ডিজিটেল সংবাদ, ধুবুৰী: সমগ্ৰ দেশৰ লগতে শুকুৰবাৰে ধুবুৰীতো সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ ধুবুৰী শাখাৰ উদ্যোগত কাৰ্গিল বিজয় দিৱস পালন কৰা হয়। শুকুৰবাৰে সন্ধিয়া ধুবুৰী চহৰৰ পাঁচমোৰ এলেকাত দেশ মাতৃৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ জোৱান সকললৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/a35b5605-9fca-4184-8643-4b727ce1363a/fed367a7-7444-4f52-b5bb-3500fd87487c.jpg)
উল্লেখযোগ্য যে, ১৯৯৯ চনত পাকিস্তানক পৰাভূত কৰিছিল ভাৰতীয় সৈন্যই। অপাৰেশ্যন বিজয় নামেৰে পাকিস্তানৰ বিৰুদ্ধে চলাইছিল এই অভিযান। ১৯৯৯ চনৰ ৮ মে’ৰ পৰা ভাৰতীয় সেনাই আৰম্ভ কৰিছিল যুদ্ধ। ২৬ জুলাইত পাকিস্তানক পৰাভূত কৰিছিল দেশৰ বীৰ সেনাই।
৫২৭ জনকৈ বীৰ সন্তানে প্ৰাণ আহুতি দিছিল অপাৰেশ্যন বিজয়ত। আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰৰ সভাপতি উদয়ন চক্ৰৱৰ্তী আৰু ধুবুৰী জিলাৰ প্ৰচাৰ প্ৰমুখ দিৱস অধিকাৰীকে ধৰি সীমান্ত চেতনা মঞ্চৰ অন্যান্য কৰ্ম-কৰ্তাসকল, স্থানীয় ৰাইজ উপস্থিত থাকে।
Also Read: সাংবাদিকক আৰক্ষীয়ে কৰা দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে কাজিৰঙাত প্ৰতিবাদঃ ৩ দিনৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ দাবী...