কুমাৰীকাটাত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা এবিএমছুৰ..

কুমাৰীকাটাত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা এবিএমছুৰ..

ডিজিটেল সংবাদ,তামুলপুৰঃ এবিএমছুৰ কুমাৰীকাটা আঞ্চলিক সমিতিৰ উদ্যোগত ২০২৪ ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ ৬০ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

কুমাৰীকাটা হাইস্কুলত অনুষ্ঠিত বিশেষ সম্বৰ্ধনা সভাত তামুলপুৰ জিলা এবিএমছুৰ সভাপতি বদৰুদ্দিন খান, সাধাৰণ সম্পাদক বুবুল আলী, গোপেন মজুমদাৰ, মইনুল হক চৌধুৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে। আজিৰ এই সম্বৰ্ধনা সভাত কৃতী ছাত্ৰ-ছাত্ৰীক গামোচা,মানপত্ৰ আৰু গছৰ পুলিৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

কুমাৰীকাটাত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা এবিএমছুৰ..
১০০% উত্তীৰ্ণৰে নদুৱাৰৰ বালিজুৰি চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সাফল্য...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in