১০০% উত্তীৰ্ণৰে নদুৱাৰৰ বালিজুৰি চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সাফল্য...

১০০% উত্তীৰ্ণৰে নদুৱাৰৰ বালিজুৰি চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সাফল্য...

author-image
Asomiya Pratidin
New Update
১০০% উত্তীৰ্ণৰে নদুৱাৰৰ বালিজুৰি চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সাফল্য...

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত পূৰ্বৰ ধাৰা অব্যাহত ৰাখিলে নদুৱাৰ অঞ্চলৰ বালিজুৰি চিনিয়ৰ চেকেণ্ডাৰী স্কুলে। এইবাৰো বিদ্যালয়খনৰ পৰা ১০০ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷

Advertisment

অতি পিছপৰা অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলে অধ্যয়ন কৰা বিদ্যালয় খনৰ পৰা এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ৬৭ গৰাকীৰ ভিতৰত ৬৬ গৰাকীয়েই সফলতাৰে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে৷ইয়াৰে বানিজ্য শাখাত ১০০% শতাংশ আৰু কলা শাখাত ৯৮.৩% শতাংশ৷

বিদ্যালয় খনৰ কৃতি ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জ্ঞাপনৰ উদ্দেশ্য আজি আয়োজিত অনুষ্ঠানত মূখ্য অতিথি হিচাবে যুৱ লেখক সাহিত্যিক তথা আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি লক্ষীকান্ত বৰাই অংশগ্ৰহণ কৰে৷

Also Read: দুধনৈৰ পৰিদৰ্শন বঙলাত বিৰুবালা ৰাভাৰ নশ্বৰদেহত শেষ শ্ৰদ্ধা...

hs result 2024 assm result sonitpur assam