দিন আৰু ৰাতিৰ ১২বজাত কিয় বন্ধ কৰা হয় হাওৰা ব্ৰীজ...

দিন আৰু ৰাতিৰ ১২বজাত কিয় বন্ধ কৰা হয় হাওৰা ব্ৰীজ...
Published on
Updated on

হাওৰা ব্ৰীজ। কলকাতাৰ বাবে আজিও গৌৰৱৰ প্ৰতীক এইখন দলং। পুৰণি হ’লেও আকৰ্ষণ কমা নাই এই ব্ৰীজৰ প্ৰতি। কিন্তু আপুনি জানেনে, এই ব্ৰীজখন প্ৰতিদিনাই দিনৰ ১২বজাত আৰু ৰাতি ১২বজাত বন্ধ কৰি দিয়া হয় কিছু সময়ৰ বাবে। কিয় কৰা হয় এয়া, সবিশেষ পঢ়ক এই প্ৰতিবেদনত...

হুগলী নদীৰ ওপৰত ইংৰাজে নিৰ্মাণ কৰি যোৱা হাওৰা ব্ৰীজ আজিও কলকাতাবাসীৰ আৱেগৰ প্ৰতীক। হাওৰা ব্ৰীজ মানেই যেন এক পৰিচয়। সংগীত-সংস্কৃতি, মিঠাই আদিৰ বাবে বিখ্যাত কলকাতা।  সেই কলকাতাৰ নাম উচ্চাৰিত হলেই মনলৈ আহে হাওৰা ব্ৰীজৰ কথা।

ভাৰতত ইংৰাজে আধিপত্য বিস্তাৰ কৰাৰ পাছত ইংৰাজৰ বাবে প্ৰিয় চহৰ হৈ পৰিছিল কলকাতা। ব্যৱসায়-বাণিজ্যৰ বাবে ১৮৫৩চনত ইংৰাজে স্থাপন কৰিছিল হাওৰা ৰেল ষ্টেচন। তাৰ পাছত প্ৰয়োজন হৈছিল ইংৰাজক হুগলী নদীৰ ওপৰত এখন দলং।

১৮৬১চনত ইংৰাজ চৰকাৰে হাওৰা ব্ৰীজ এক্ট প্ৰণয়ন কৰি এখন দলং নিৰ্মাণৰ বাবে দায়িত্ব দিছিল ইংৰাজ বিষয়া ব্ৰেডফৰ্ড লেছলিক। ২২লাখ টকাৰ ব্যয়েৰে তেতিয়াই এই দলঙৰ নিৰ্মাণ কাম কৰা হৈছিল যদিও এই দলং খনৰ বাবে জাহাজ চলাচলত অসুবিধা হৈছিল।

BERNARD GAGNON

তাৰ পাছত ১৯২৬চনত পুনৰ ইংৰাজে পাছ কৰে আন এখন আইন। যিখনৰ নাম আছিল নিউ হাওৰা ব্ৰীজ এক্ট। সেই অনুসৰি ১৯৩৬চনত এতিয়াৰ হাওৰা ব্ৰীজ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল। যিখন দলঙৰ দৈঘ্য ৭০৫মিটাৰ আৰু বহল ২১.৬মিটাৰ।

১৯৪৩চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়চোৱাতে এই দলঙৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছিল। মাজত কোনো খুঁটা নথকাকৈ দুইমূৰে দুটা খুঁটাৰ ওপৰত আজিও থিয় হৈ আছে হাওৰা ব্ৰীজ। ২৬হাজাৰ কেজি ষ্ট্ৰীল ব্যৱহাৰ কৰা হৈছিল এই ব্ৰীজ নিৰ্মাণত। তাৰে ২৩হাজাৰ কেজি ষ্ট্ৰীল যোগান ধৰিছিল টাটাই।

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এই ব্ৰীজৰ কাষতেই জাপানী সেনাই বোমাবৰ্ষণ কৰিছিল। কিন্তু কোনো ক্ষতি হোৱা নাছিল হাওৰা ব্ৰীজৰ। দ্বিতীয় বিশ্বযুদ্ধৰ সেই পৰিৱেশৰ বাবেই উদ্বোধনেই নহল এই দলং। সাধাৰণভাৱেই মানুহে ব্যৱহাৰ কৰিবলৈ ললে হাওৰা ব্ৰীজ।

আজিও দৈনিক এই ব্ৰীজৰ ওপৰেৰে ডেৰলাখ যান-বাহন অহাযোৱা কৰে। খোজ কাঢ়িও এই দলঙৰ ওপৰৰে ইপাৰ-সিপাৰ হয় প্ৰতিদিনেই ৫লাখ মানুহ। ১৯৬৫চনৰ ১৪জুনত এই হাওৰা ব্ৰীজ নাম পশ্চিম বংগ চৰকাৰে ৰবীন্দ্ৰ সেতুঁ দিছিল। কিন্তু হাওৰা ব্ৰীজ হৈয়ে বিখ্যাত হৈ থাকিল আজিও।

এই ব্ৰীজখনক লৈ এক জনবিশ্বাস আছে। কোনোবাই হাওৰা ব্ৰীজখন ১২বজাত ভাগি পৰিব বুলি এক উৰা বাতৰি উলিয়াইছিল। তাৰ পাছতেই এই হাওৰা ব্ৰীজখন ৰাতি ১২বজাত ৪মিনিটৰ বাবে আৰু দিনৰ ১২বজাত ৪মিনিটৰ বাবে দুবাৰ বন্ধ কৰি দিয়া এক পৰম্পৰা হৈ ৰল। সেই পৰম্পৰা আজিও চলি আছে। দিন-ৰাতি ১২বজাৰ লগে লগে ৪মিনিটৰ বাবে বন্ধ কৰা হয় হাওৰা ব্ৰীজ।

দিন আৰু ৰাতিৰ ১২বজাত কিয় বন্ধ কৰা হয় হাওৰা ব্ৰীজ...
বাঘমাৰাৰ নৰ্থ কামৰূপ কলেজত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in