বাঘমাৰাৰ নৰ্থ কামৰূপ কলেজত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন...

বাঘমাৰাৰ নৰ্থ কামৰূপ কলেজত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন...

author-image
Asomiya Pratidin
New Update
বাঘমাৰাৰ নৰ্থ কামৰূপ কলেজত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন...

ডিজিটেল সংবাদ, পাটাছাৰকুছিঃ অসম সাহিত্য সভা আৰু নৰ্থ কামৰূপ কলেজৰ অসমীয়া বিভাগৰ উদ্যোগত অহা ২১ ছেপ্টেম্বৰ তাৰিখে এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। ভাষাচাৰ্য ড০ উপেন্দ্ৰনাথ গোস্বামীৰ জন্ম শতবাৰ্ষিকী উপলক্ষে নৰ্থ কামৰূপ কলেজত " কামৰূপী উপভাষাৰ অধ্যয়ন আৰু ড০ উপেন্দ্ৰনাথ গোস্বামীৰ সাহিত্য কৃতি" শীৰ্ষক বিষয়ত আলোচনা চক্ৰখন অনুষ্ঠিত হ'ব ।

Advertisment

আলোচনা চক্ৰখন উদ্বোধন কৰিব স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ জেষ্ঠ্য কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে। মুখ্য অতিথি আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰবীন্দ্ৰনাথ ঠাকুৰ আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ উমেশ ডেকা আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ধনপতি ডেকা। মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ ত্ৰিৱেণী বেজবৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হ'বলগীয়া উদ্ধোধনী অনুষ্ঠানত মূল বক্তৃতা প্ৰদান কৰিব নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড০ অমিয়া পাটৰে।

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড০ উপেন্দ্ৰজিৎ শৰ্মাই দৃষ্টিভংগী ব্যাখ্যা কৰিব লগীয়া অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ অধ্যাপক, গৱেষকে প্ৰেৰণ কৰা গৱেষণা পত্ৰসমূহ একত্ৰিত কৰি প্ৰকাশ কৰা গৱেষণা গ্ৰন্থখন উন্মোচন কৰিব নৰ্থ কামৰূপ কলেজৰ প্ৰশাসনীয় সমিতিৰ সভাপতি, সাহিত্যিক পেঞ্চনাৰ মুনীন্দ্ৰ নাৰায়ণ গোস্বামীয়ে।

অনুষ্ঠানত অসম সাহিত্য সভা আৰু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ তৰফৰ পৰা আবাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক, বিশিষ্ট নাট্যকৰ্মী কৃষ্ণ ৰয় আৰু প্ৰয়াত অচ্যুত লহকৰদেৱৰ সহধৰ্মিনী, প্ৰৱীণ অভিনেত্ৰী কিৰণ লহকৰক বিশেষ সন্মান প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে আলোচনা চক্ৰত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় পঞ্চাশ গৰাকী অধ্যাপক, গৱেষকে গৱেষণা পত্ৰ পাঠ কৰিব।

বাঘমাৰা