Advertisment

নগাঁৱত নিদান হাস্পতাল মুকলি বিধায়ক ৰূপক শৰ্মাৰ...

চিকিৎসা সেৱাৰ ক্ষেত্ৰত নগাঁৱত ব্যক্তিগত খণ্ডৰ চিকিৎসা সেৱাই এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছেঃ বিধায়ক ৰূপক শৰ্মা

author-image
Asomiya Pratidin
New Update
নগাঁৱত নিদান হাস্পতাল মুকলি বিধায়ক ৰূপক শৰ্মাৰ...

নিদান হাস্পতাল মুকলি বিধায়ক ৰূপক শৰ্মাৰ

ডিজিটেল সংবাদ,বেবেজীয়াঃ নগাঁৱৰ চিকিৎসা সেৱা ক্ষেত্ৰত এক নতুনকৈ সংযোজন ঘটিল ব্যক্তিগত খণ্ডৰ চিকিৎসালয় “নিদান হাস্পতাল”ৰ ৷ নগাঁৱৰ খুটিকটীয়াৰ ৰেডি'অ চেন্টাৰৰ সমীপত নতুনকৈ মুকলি হোবা এই ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খন মঙলবাৰে ৰাইজৰ চিকিৎসা সেৱাৰ বাবে শুভাৰাম্ভ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৷

Advertisment

চিকিৎসালয়খন মুকলি কৰি বিধায়কগৰাকীয়ে ভাষণ প্ৰসংগত কয়, চিকিৎসা সেৱাৰ ক্ষেত্ৰত নগাঁৱৰ বাবে আজি এক ভাল খবৰ ৷ নগাঁৱত বৰ্তমান ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ সংখ্যা দিনক দিনে বৃদ্ধি পাব ধৰিছে ৷ নগাঁৱত সম্প্ৰতি ১৪ খন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে ৰাইজলৈ চিকিৎসা সেৱা আগবঢ়াই আহিছে ৷ নতুন নগাঁও নিৰ্মাণত চিকিৎসা সেৱাই গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰি আহিছে ৷ এইয়া নিশ্চয়কৈ নগাঁৱবাসী ৰাইজৰ বাবে এটা ভাল খবৰ ৷ আজি তাহানিৰ দৰে নগাঁওৰ ৰাইজ গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ নিশা হ'লেই ধাপলি মেলিব লগা পৰিস্থিতি নাই ৷ এতিয়া সৰু সৰু ৰোগৰ পৰা আৰম্ভ কৰি গুৰুত্বৰ তথা জটিল ৰোগ আজিৰ দিনত নগাঁৱতে সুন্দৰ চিকিৎসা প্ৰদ্ধতিৰে ভাল হৈছে ৷

আনহাতে তেওঁ লগতে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহৰ নাৰ্ছৰ পৰা আৰম্ভ কৰি কনিষ্ঠ-জ্যেষ্ঠ চিকিৎসকসকলে ৰোগীৰ লগত এটা ভাল সম্পৰ্ক ভাল ব্যৱহাৰ কৰিলে চিকিৎসালয়সমূহত ভৰ্তি হোবা ৰোগীসকলৰ ৫০শতাংশ ৰোগ এই নাৰ্ছ আৰু চিকিৎসক সকলৰ ব্যৱহাৰতেই ভাল হয়, পাছতহে দৰৱপাতি কাম আহে বুলি উল্লেখ কৰে ৷ সেইয়ে ব্যক্তিগত খণ্ডৰ চিকিৎসা সেৱাৰ লগত জড়িত সকলোকে ৰোগী সকলক এটা সুন্দৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় ৷

নিদান হাস্পতাল মুকলি বিধায়ক ৰূপক শৰ্মাৰ
নিদান হাস্পতাল মুকলি বিধায়ক ৰূপক শৰ্মাৰ

উল্লেখ্য যে, চিকিৎসা সেৱাৰ ক্ষেত্ৰত নগাঁৱত ব্যক্তিগত খণ্ডৰ চিকিৎসা সেৱাই এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে ৷ চিকিৎসক ভাস্কৰজ্যোতি নাথে আতঁ ধৰা এই মুকলি অনুষ্ঠানটিত বিশিষ্ট সমাজসেৱক অতুল শৰ্মা,নগাঁৱৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক অৰূপজ্যোতি মহন্ত,চিকিৎসক ৰঞ্জন গোস্বামী,প্ৰাক্তন যুটীয়া সঞ্চালক অতুল চন্দ্ৰ পাটৰ,প্ৰাক্তন যুটীয়া সঞ্চালক ডা° কৃষ্ণ কুমাৰ বৰা,চিকিৎসক প্ৰদীপ শইকীয়া,চিকিৎসক অঞ্জন বৰা, চিকিৎসক মুস্তাফা আহমেদ চৰকাৰ, মৃন্ময় বৰা, চন্দনা নাথকে প্ৰমুখ্যে কৰি চিকিৎসকসকলৰ পৰিয়ালৰ লগতে অন্যান্য লোকসকল উপস্থিত থাকে ৷

আৰু পঢ়কঃ ছিপাঝাৰৰ সাতখলিত তিনিটা নাহৰফুটুকী বাঘৰ পোৱালি উদ্ধাৰ...

assam RUPAK SARMA assam nagaon