/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/aa059eba-e4e9-4303-84db-19424c2003f8/dasfa.jpg)
mangaldoi
ডিজিটেল সংবাদ, মঙলদৈ : দৰঙৰ ছিপাঝাৰৰ সাতখলিত মঙলবাৰে তিনিটা নাহৰফুটুকী বাঘৰ পোৱালি উদ্ধাৰ হয় ৷ অঞ্চলটোৰ ৰঙালাউ খেতি পথাৰত স্থানীয় লোকে কৃষি কৰ্ম কৰিবলৈ যাওঁতে উদ্ধাৰ কৰে বাঘৰ পোৱালি তিনিটা ৷
স্থানীয় লোকে পোৱালি কেইটা উদ্ধাৰ কৰি বন বিভাগক খবৰ দিয়ে যদিও এই পৰ্যন্ত উপস্থিত হোৱা নাই বন বিভাগৰ লোক ৷ বাঘৰ পোৱালি তিনিটা চাবলৈ উৎসুক লোকৰ ভিৰ হোৱা পৰিলক্ষিত হয় ৷
উল্লেখ্য যে কেইবাদিন ধৰি বাঘে অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ৷ দুটাকৈ পশুধনক ইতিমধ্যে আক্ৰমণ কৰাৰ উপৰিও স্থানীয় ৰাইজে বাঘৰ খোজ প্ৰত্যক্ষ কৰিছিল ৷
আৰু পঢ়ক : ডিগবৈত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ'ল বজাৰ গৃহৰ লগতে ৫০ টা বাসগৃহ...