/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/068cb0d1-b59a-47d1-b1f6-d761d5380be2/AP_FOR_Sultan.jpg)
ডিজিটেল ডেস্ক : আমি সৰুতে ককাৰ মুখত সাধু শুনিছিলো; কোনো প্ৰবল প্ৰতাপী ৰজাই ঘোঁৰাত উঠি যুদ্ধ কৰিবলৈ, সু-সজ্জিত ঘোঁৰাৰ ৰথত উঠি দেশ ভ্ৰমিবলৈ যোৱা অথবা ৰাজকুমাৰীক বিয়া কৰাই আনিবলৈ যোৱাৰ কাহিনী।
এই কাহিনীবোৰ আমাৰ বাবে কাহিনীয়েই। কোনো দিন বাস্তৱতাৰে মিল নথকা কাহিনী। ককা-আইতাৰ কোলাত টুপনিয়ে ৰিঙিয়াই থকাৰ পৰত নিচুকনি মূলক কাহিনী। ভাৱনাত ডুব গৈ সপোনত ৰঙা-বগা পোহৰৰ সৈতে খেলা কৰা কাহিনী।
শৈশৱত দেউতাৰ চাইকেলৰ কেৰিয়াত উঠি চাৰি-পাঁচখন গাঁও পাৰ হৈ সম্পৰ্কীয় কোনো লোকৰ ঘৰত আলহী খাৱৰ যাওঁতে ভাগ্যক্ৰমে বিশাল পথাৰখনৰ দাঁতিত চৰি থকা অৱস্থাত দেখিছিলো কাহিনী কাহিনী লগা দুই এটা ঘোঁৰা। ঘৰত টিলিভিচনৰ মুখ দেখাৰ পাছত চিনেমাত দেখিছিলো সেই সাধু কঢ়িয়াই অনা ঘোঁৰাবোৰ। তাতো প্ৰায় সামঞ্জস্যপূর্ণ ভাবেই দেখা পোৱা গৈছিল ঘোঁৰাবোৰক।
ৰজাই ঘোঁৰাত উঠি চিকাৰ কৰিবলৈ যোৱা, ফুৰিবলৈ যোৱা, ৰাজকুমাৰী আনিবলৈ যোৱা অথবা শ-শ সৈন্য লৈ ঘোঁৰাৰ পিঠিত উঠি যুদ্ধ কৰিবলৈ যোৱাৰ কাহিনী। তাৰ পিছত কাঠচিত চাৰি-পাঁচ বছৰৰ ব্যৱধানত গাড়ীৰে কৰবালৈ গ'লে বা উভতি আহিলে বাটত ভোৰোঙকৈ দেখা দিয়ে কোনো এটা ঘোঁৰাই। দুই-এবাৰ মালিকে উঠা কাঠৰ গাড়ী টানি খৰি কঢ়িয়াই অনা পৰত গাড়ীৰ ভিতৰৰ পৰাই জুমি চাইছিলো। ঘোঁৰাবোৰৰ কাহিনীবোৰেই চাগে এনেকুৱা।
সৌ-সিদিনা বান্ধৱীৰ সৈতে ফাগুন ফাগুন লগা বাটত উলাই গৈ উভতি অহাৰ পৰত প্ৰায় সন্ধিয়াৰ সময়খিনিত ঘোঁৰাৰ মাক-পুতেক এহালক পথৰ দাঁতিৰ সৰু পথাৰ এখনত চৰি থকা দেখিছিলো। পোৱালিটোয়ে গোটেই পথাৰখন দৌৰি দৌৰি উত্ৰাৱল হৈ আছিল। কিহৰ বা স্ফূর্তিত, আজিও ভাৱি উলিৱাব নোৱাৰিলো। পিছত বান্ধৱীৰে জেদ-হেঁপাহত আমি মালিকক মাতি আনি ঘোঁৰাহালৰ কাষলৈ গৈ চুই চাইছিলো। প্ৰথমবাৰলৈ মৰমেৰে-আব্দাৰেৰে। সেইয়াই প্ৰথম স্পৰ্শ ঘোঁৰাৰ সৈতে।
কাহিনী-কাহিনী লগা ঘোঁৰাক যে মহানগৰীৰ প্ৰাণকেন্দ্ৰত সু-সজ্জিত ৰূপত পাব পাৰি সেয়া চাগে মোৰ দৰে বহুতৰে সপোনৰো অগোচৰ। অফিচৰ পৰামৰ্শ মতে বাতৰি যুগুতাই সন্ধিয়া পৰত পুনৰ অফিচ উভটোতে দীঘলীপুখুৰীৰ পাৰত লগ পালো চুলতানক। চুলতান! নাম যেনে, সুঠাম-সবল তেনে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/a53d1ed7-5dd8-4a61-a758-648303ea8c64/WhatsApp_Image_2023_06_02_at_3_50_08_PM__2_.jpeg)
দীঘলীপুখুৰীৰ পাৰৰ ৰাস্তাত এখন সৰু বজাৰ গঢ়ি উঠিছে। সন্ধিয়াৰ বজাৰ। প্ৰায় যুৱচামেই "দোকানী"ৰ স্থান লোৱা বজাৰ। কোনোৱে বন্ধুৰ আড্ডাত ডুব যাবলৈ, কোনোয়ে কোমল বতাহ এছাটিৰ আশাত আৰু কোনো অভিভাৱকে সন্তানক ফুৰাবলৈ যায় সন্ধিয়াৰ পৰত।
তাতেই হঠাৎ সু-সজ্জিত আধুনিক ৰথখনত কণমানি কেইটামানক কঢ়িয়াই মোৰ ফালে আহি থকা দেখিলো চুলতান নামৰ ঘোঁৰাটোক। সু-সজ্জিত ঘোঁৰাটোক দেখি মোৰ মনটোয়ে ঢাপলি মেলিছিল শৈশৱৰ কাহিনীলৈ। কণমানি কেইটাক নমাই হোৱাৰ পিছত পৰৱৰ্তী গ্ৰাহকলৈ ৰৈ থাকোতেই মই কাষচাপি গ'লো ঘোঁৰাটোৰ। কিশোৰ দুটাই মিলি আব্দাৰ লৈ থকা দেখি বুজি উঠিছিলো সিহঁতেই তাৰ মালিক। কথাপাতি জানিব পাৰিলো ৫০ টকাৰ বাবদ গোটেই দীঘলীপুখুৰীৰ বাহিৰৰ ৰাস্তাত এপাক ঘূৰাই সিহঁতে। ছীট কেপাচিটি ৬ জন। আৰু সিহঁতে ঘোঁৰাটোৰ নাম ৰাখিছে "চুলতান"।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/c9ad1e55-55fd-4edb-9c73-8cd68cfe18b2/WhatsApp_Image_2023_06_02_at_3_50_09_PM.jpeg)
সন্ধিয়াৰ আগতেই চুলতানক হাজিৰ কৰোৱা হয় দীঘলীপুখুৰীৰ পাৰত। পিছে প্ৰতিদিনে নহয়, মাজে মাজে। মানে দুই তিনিদিনৰ মূৰে মূৰে। আটাইতকৈ ভাল লগা কথাটোয়ে হ'ল এইটো। কিয় জানেনে? কিশোৰ ল'ৰাটোৱে মই সদাই আহানে বুলি সোধা প্ৰশ্নটোৰ উত্তৰত নাহো কোৱাৰ পিছত, দুনাই কিয় বুলি প্ৰশ্ন কৰিছিলো। তাৰ উত্তৰ আছিল "ইয়াকো ৰেষ্ট লাগে যে, সেইবাবে।"
চুলতানক পানী খোৱাবলৈ পিছফালে এটা প্লাষ্টিকৰ বাল্টিন লৈ ফুৰা ল'ৰা কেইটাই জানিবলৈ দিলে বাট-পথৰ ডিভাইডাৰবোৰৰত গজি উঠা ঘাঁহবোৰেই তাৰ আহাৰ। তাৰোপৰি ঘৰত সিহঁতে যোগাৰ কৰি দিয়ে চাপৰ, বুট আদি। চুলতানৰ বয়স সঠিককৈ নজনা কিশোৰ কেইটাই নুনমাটিৰ পৰা দীঘলীপুখুৰীৰ পাৰলৈ লৈ আনে চুলতানক। নিজৰ দায়িত্ব ভালদৰে ল'ব নজনা কিশোৰ দুটাই কিন্তু চুলতানৰ আব্দাৰ বাৰুকৈয়ে লয়, সেইয়া চুলতানৰ চেহেৰা দেখিয়েই বুজিব পাৰি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/9d7ccdce-7f44-4c6c-9d84-a5c147c5e0bf/WhatsApp_Image_2023_06_02_at_3_50_08_PM__1_.jpeg)
কাহিনীৰ বুকুত চিনাকি হোৱা ঘোঁৰাৰ নামবোৰো দেখোন কাহিনীৰ দৰেই। কাহিনীৰ বাট কাটি স্মৃতি সোঁৱৰাই বহুজনে আমোদ লয় চুলতানৰ ৰথৰ। আমোদ লয় পৌৰাণিক কিম্বা নতুনৰ বুকুত টেলিভিচনৰ পৰ্দাত জিলিকি উঠা ৰাজকুমাৰীৰ কাহিনীৰ আমেজ। কোনো অভিভাৱকে কাহিনীৰ আমোদ কঢ়িয়াইয়ে সন্তানক দিয়ে ৰথত উঠাৰ মজা। এইদৰেই এই কাহিনীবোৰে কাহিনী কঢ়িয়াই জী থাকক। চুলতান ভালে থাকক...
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/b559f98a-a896-494e-b694-57f9ee83c26a/WhatsApp_Image_2023_06_02_at_3_50_07_PM.jpeg)
Also Read: সাৱধান, ষ্ক্ৰব তায়ফছত ভোগীব পাৰে আপুনিও...