/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/20c22837-756c-4ff1-89e8-1b88bdbe5386/typhoid.jpg)
ডিজিটেল ডেস্ক : অসমত নতুন কৈ ধৰা দিয়া ষ্ক্ৰব তায়ফছত ভোগীছে দৰঙৰ বাসিন্দা। সাধাৰণতে বাহিৰাগত ৰাজ্যত দেখা দিয়া এই ৰোগ বিধে শেহতীয়াকৈ অসমৰ দৰং জিলাৰ ডাঁহী অঞ্চলৰ এজন লোকৰ দেহত ধৰা পৰে। অৱশ্যে ইয়াৰ পূৰ্বেও অসমৰ দুই এজন লোকৰ দেহত এই ৰোগবিধে ধৰা দিছিল। দৰঙৰ হিৰন চহৰীয়াৰ নামৰ লোকজনৰ মৃত্যুৰ পিছত তেজৰ নমুনাত ধৰা পৰে এই ৰোগবিধ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/06e930dc-a71f-44c9-9175-257af1485e4b/0a1b5186_542e_4db7_a8ca_16da23a76bfe.jpg)
এই ৰোগবিধ ধৰা পৰাৰ পিছত চিকিৎসা বিভাগে তৎকালীনভাবে সেই অঞ্চলত সজাগতা সভাৰ লগতে চুবুৰীয়াৰ তেজৰ নমুনা পৰীক্ষা কৰে। উল্লেখ্য যে, এই ৰোগবিধ এবিধ প্ৰতংগৰ দ্বাৰা বিয়পে। মকৰাৰ দৰে এবিধ প্ৰতংগই কামোৰাৰ ফলত এই ৰোগবিধে দেখা দিয়ে। উক্ত প্ৰতংগই কামোৰাৰ ফলত দেহত ৰঙা হৈ ঘা হোৱাৰ পৰিলক্ষিত হয়। যাৰ ফলত জ্বৰ হয়, মূৰৰ বিষ আদিয়ে দেখা দিয়ে। তদুপৰি শৰীৰৰ দুৰ্বলতা, শৌচ, বমি ইত্যাদিয়েও দেখা দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/5b9ff38f-5ccc-4dca-a104-fcc76f2ab658/1dd2c34b_ba21_48b0_8f59_cda24a9e3c0f.jpg)
গতিকে এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লৈ তেজৰ নমুনা পৰীক্ষা কৰাটো অতিকৈ প্ৰয়োজনীয়। অৱশ্য এই ক্ষেত্ৰত স্বাস্থ্য বিভাগেও সজাগতামূলক কাৰ্যসূচী হাতত লোৱাৰ লগতে অন্য কিছু পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে।
Also Read: মূলসুঁতিলৈ বিদ্ৰোহী সংগঠন APLAৰ ৩৯ কেডাৰ