HS RESULTS 2024: উত্তীৰ্ণ হাৰত নিম্ন স্থানত কোন কোন জিলা...

HS RESULTS 2024: উত্তীৰ্ণ হাৰত নিম্ন স্থানত কোন কোন জিলা...

author-image
Asomiya Pratidin
New Update
HS RESULTS 2024: উত্তীৰ্ণ হাৰত নিম্ন স্থানত কোন কোন জিলা...

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। উৰ্ত্তীণৰ হাৰত কলা শাখাত নিম্ন স্থানত আছে কাছাৰ জিলা। জিলাখনত কলা শাখাত উচ্চতৰ মাধ্যমিকত উৰ্ত্তীণৰ হাৰ ৭৪.২১শতাংশ। জিলাখনত ২০২৪বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সৰ্বমুঠ ৮৮৭৯ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। ইয়াৰে ৬৫৭৯গৰাকী শিক্ষাৰ্থী উৰ্ত্তীণ হৈছে।

Advertisment

উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰত নিম্ন স্থানত আছে ওদালগুৰি জিলা। জিলাখনত ২০২৪বৰ্ষৰ উৰ্ত্তীণৰ হাৰ ৭৯.৭০শতাংশ। জিলাখত অৱতীৰ্ণ হোৱা মুঠ ৮০৩গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৬৪০গৰাকী শিক্ষাৰ্থী উৰ্ত্তীণ হৈছে।

উচ্চতৰ মাধ্যমিকত বাণিজ্য শাখাত উৰ্ত্তীণৰ হাৰত ধুবুৰী জিলা সৰ্বনিম্ন স্থানত। ধুবুৰীত উৰ্ত্তীণৰ হাৰ ৬১.৩৮শতাংশ। জিলাখনত মুঠ ১৪৫গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত মুঠ ৮৯গৰাকী উৰ্ত্তীণ হৈছে।

Also Read: HS RESULTS 2024: উত্তীৰ্ণৰ হাৰত শীৰ্ষত কোন কোন জিলা...

HS RESULTS 2024 AHSEC