শ্বিলঙৰ পৰা সন্ধানহীন হোজাইৰ ব্যৱসায়ী আমিৰ মাষ্টাৰ ...

শ্বিলঙৰ পৰা সন্ধানহীন হোজাইৰ ব্যৱসায়ী আমিৰ মাষ্টাৰ ...

author-image
Asomiya Pratidin
New Update
শ্বিলঙৰ পৰা সন্ধানহীন হোজাইৰ ব্যৱসায়ী আমিৰ মাষ্টাৰ ...

ডিজিটেল সংবাদ, হোজাইঃ হোজাই জিলাৰ মোৰাঝাৰ বজাৰৰ ব্যৱসায়ী আমিৰ মাষ্টাৰ বিগত ২০দিন ধৰি সন্ধানহীন হৈ থকাত পৰিয়ালৰ মাজত হাহাকাৰ লাগিছে। আমিৰ মাষ্টাৰক বিচাৰি সন্ধান লাভত ব্যৰ্থ হৈছে পৰিয়ালৰ লোক।

Advertisment

পৰিয়ালৰ লোকৰ মতে যোৱা ২৪এপ্ৰিলত আমিৰ মাষ্টাৰ চিকিৎসা কৰোৱাৰ উদ্দেশ্যে শ্বিলং নেইগ্ৰীমচ হস্পিটেললৈ যায়। তাত থকা অৱস্থাত প্ৰথম দুদিন পৰিয়ালৰ সৈতে যোগাযোগ কৰিছিল ব্যৱসায়ী আমিৰে। কিন্তু তাৰ পিছৰ পৰাই আমিৰ মাষ্টাৰৰ সৈতে পৰিয়ালৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে।

আজি ২৫/২৬ দিন উকলি যোৱাৰ পিছতো আমিৰ মাষ্টাৰৰ কোনো সন্ধান পোৱা নাই পৰিয়ালে। আমিৰ মাষ্টাৰক বিচাৰি পৰিয়ালটোত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। পৰিয়ালৰ লোকে মোৰাঝাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আমিৰ মাষ্টাৰৰ কোনো সন্ধান পালে মোৰাঝাৰ আৰক্ষীক জনাবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।

Also Read: মাজ জাজৰি গাঁও পঞ্চায়তত বিনামূলীয়া স্বাস্থ্য সেৱা-ঔষধ বিতৰণ

hojai shillong missing case