/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/308f5b8f-8efe-4031-a567-1e48f5acb262/1.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ছিমচ্ মাল্টি স্পেচিয়েলিটি হস্পিটেল(SIMS MULTI SPECIALITY HOSPITAL)ৰ উদ্যোগত মাজ জাজৰি গাঁও পঞ্চায়তত বুধবাৰে এখনি বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰ অনুষ্ঠিত হয়। মাজগাঁও, মাজ জাজৰি অঞ্চলৰ শতাধিক ৰোগীৰ চিকিৎসা কৰাৰ লগতে বিনামূলীয়া ঔষধ বিতৰণো কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/f1446e70-fe98-4818-89a2-6cb5a413a056/2bb18bb9-395f-4437-b424-992fb1c32cfc.jpg)
সাধাৰণ জনতাৰ সৈতে ছিমচ্ মাল্টি স্পেচিয়েলিটি হস্পিটেলৰ সংযোগ স্থাপন আৰু সামাজিক দায়বদ্ধতা বজাই ৰখাৰ বাবেই এনে জনহিতকৰ কাৰ্যসূচী ৰূপায়ন কৰাৰ প্ৰয়াস হিচাপে কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। অনুষ্ঠানৰ আঁত ধৰে নিহাৰিকা বৰাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/6d65245b-85c1-41a5-b3c5-4e31e2321f24/71335831-1aa1-4cda-b4c1-c09776e49d26.jpg)
অনুষ্ঠানত স্থানীয় জেষ্ঠ নাগৰিকৰ সোনাৰাম বৰাই "ছিমচ্ মাল্টি স্পেচিয়েলিটি হস্পিটেলৰ তৰফৰ পৰা পিছপৰা অঞ্চলটোত কেইবাগৰাকী বিশেষজ্ঞ চিকিৎসক উপস্থিত হৈ স্থানীয় ৰাইজক সেৱা আগবঢ়োৱা পদক্ষেপৰ শলাগ লৈ সামাজিক দায়বদ্ধতাৰ পৰিচায়ক বুলি মন্তব্য কৰে। স্বাস্থ্য সেৱা শিবিৰত বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডা০ অজিৎ গোস্বামীয়ে "ছিমচ্ মাল্টি স্পেচিয়েলিটি হস্পিটেলৰ তৰফৰ পৰা সময়ে সময়ে নগাঁও, মৰিগাঁও, কাৰ্বি আংলঙ জিলাৰ দুৰ্গম, পিছপৰা অঞ্চলত আমি গৈ সমাজৰ দুখীয়া শ্ৰেণীৰ লোকৰ স্বাস্থ্য সেৱা আৰু সজাগতা দুয়ো দিশেৰে সেৱা আগবঢ়োৱাৰ প্ৰয়াস কৰি আহিছোঁ।" বুলি ভাষণ প্ৰদান কৰে।
শিবিৰত ডা০ প্ৰাঞ্জল ডেকা, ডা০ জড়জীশ (zarzis) আহমেদ, ডা০ পাৰ্থ মুদৈ, ডা০ হাচিনা ৰহমান, ৰাজীৱ আহমেদ, প্ৰশান্ত দাস, লীনা মনি ডেকাকে আদি কৰি চিকিৎসক, স্বাস্থ্যকৰ্মীৰ লগতে শতাধিক স্থানীয় লোক উপস্থিত থাকে।
Also Read: দলীয় অনুশাসন ভংগঃ বিজেপিৰ পৰা বাহিৰ কৰিলে ভোজপুৰী অভিনেতা পৱন সিঙক...