হকী বিশ্বকাপঃ ভাৰত-ইংলেণ্ডৰ মেচ ড্ৰ'...

হকী বিশ্বকাপঃ ভাৰত-ইংলেণ্ডৰ মেচ ড্ৰ'...
হকী বিশ্বকাপঃ ভাৰত-ইংলেণ্ডৰ মেচ ড্ৰ'...

ডিজিটেল ডেস্কঃ উড়িষ্যাত অনুষ্ঠিত হৈ থকা হকী বিশ্বকাপৰ তৃতীয় দিনটোত ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে খেলা মেচখন ০-০ ব্যৱধানত ড্ৰ' কৰে। অৱশ্যে মেচখনৰ অন্তিম মুহূৰ্তত ইংলেণ্ডে মেচখন জয় কৰাৰ সুযোগ লাভ কৰিছিল যদিও ব্যৰ্থ হয়।

মেচখনৰ অন্তত গ্ৰুপ ডিৰ পইণ্ট তালিকাত কোনো সালসলনি হোৱা নাই। পইণ্ট তালিকাৰ শীৰ্ষত আছে ইংলেণ্ড আৰু দ্বিতীয় স্থানত আছে ভাৰত। দুয়োটা দলে পইণ্ট তালিকাত ৪ -৪ পইণ্ট অৰ্জন কৰিছে। কিন্তু গ'ল ব্যৱধানৰ বাবে ইংলেণ্ড দলটো তালিকাৰ শীৰ্ষত আছে।

উল্লেখ্য যে নিশা ৯ বজালৈ অনুষ্ঠিত হোৱা অতি ৰোমাঞ্চকৰ মেচখনৰ প্ৰথমাৰ্ধত দুয়োটা দলে আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰে। কিন্তু দুয়োটা দলেই গ'ল কৰাত ব্যৰ্থ হয়।

উল্লেখ্য যে, উড়িষ্যাৰ ৰাউৰকেলাৰ বিৰছা মুণ্ডা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত ২০ হাজাৰ দৰ্শক উপস্থিত আছিল। যিসকল দৰ্শকে মেচ উপভোগ কৰিবলৈ টিকট নাপালে তেওঁলোকে ষ্টেডিয়ামৰ বাহিৰতে ভাৰতীয় দলৰ জাৰ্ছী পৰিধান কৰি, হাতত জাতীয় পতাকা লৈ ভাৰতীয় দলটোক সমৰ্থন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in