গুৱাহাটীকে ধৰি মুঠ ৫ টা স্থানত চি বি আইৰ অভিযানঃ ৭ জনক গ্ৰেপ্তাৰ...

গুৱাহাটীকে ধৰি মুঠ ৫ টা স্থানত চি বি আইৰ অভিযানঃ ৭ জনক গ্ৰেপ্তাৰ...
গুৱাহাটীকে ধৰি মুঠ ৫ টা স্থানত চি বি আইৰ অভিযানঃ ৭ জনক গ্ৰেপ্তাৰ...

ডিজিটেল ডেস্কঃ গুৱাহাটীকে ধৰি ৰাজ্যৰ ৫ টা স্থানত চি বি আইয়ে চলাইছে অভিযান। এই অভিযানৰ অন্তত চি বি আইয়ে গ্ৰেপ্তাৰ কৰিছে ৰে'লৱেৰ অতিৰিক্ত মাণ্ডলিক প্ৰবন্ধকসহ ৭ জনক।

গুৱাহাটীৰ উপৰিও চি বি আইয়ে দিল্লী, নৰুৰা, শিলিগুৰি আৰু আলিগড়তো অভিযান চলাইছে। উল্লেখ্য যে এইসকলৰ বিৰুদ্ধে হাৱালাৰ জৰিয়তে ৫০ লাখ টকা উৎকোচ লোৱাৰ অভিযোগ। ঠিকা দিয়াৰ নামত বিভিন্ন সময়ত উৎকোচ লোৱাৰ অভিযোগ বিষয়াগৰাকীৰ বিৰুদ্ধে।

জানিব পৰা মতে দিল্লীৰ হাৱালাৰ জৰিয়তে প্রদান কৰা হৈছিল ধনখিনি। আনহাতে এই চক্রটোত জড়িত ঠিকাদাৰজনকো গ্রেপ্তাৰ কৰিছে চি বি আইয়ে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ নিৰ্মাণ কাৰ্যৰ ঠিকা দিয়াৰ নামত লেনদেন হৈছিল উৎকোচ।

প্ৰকাশিত খবৰ মতে ঠিকা দিয়াৰ লগতে Measurement Book, Running Bill প্রস্তুত কৰাৰ আশ্বাস দিছিল বিষয়াজনে। পূৰ্বেও বহু ঠিকাদাৰৰ পৰা ধন লোৱাৰ অভিযোগ আছে প্রবন্ধকজনৰ বিৰুদ্ধে।

ধৃত আটাইকেজন ব্যক্তিৰ বাসগৃহত চি বি আইয়ে অভিযান চলাইছে। অভিযানত জব্দ কৰা হৈছে লেপটপসহ বহু নথি-পত্র। ইফালে আটক কৰা ৭ জন ব্যক্তিকেই দেওবাৰে চি বি আইৰ বিশেষ আদালতত হাজিৰ কৰোৱা হয়।

গ্ৰেপ্তাৰ হোৱা আন আন লোকসকল হ'ল- দিলোৱাৰ খান, বিনোদ কুমাৰ সিংঘাল, ৰঞ্জিত ৰয়, শ্যামল কুমাৰ দেৱ, হৰি ওম আৰু যোগেন্দ্র কুমাৰ সিং। আনহাতে চি বি আইৰ দলটোৱে এই অভিযানকালত জব্দ কৰিছে মুঠ ৪৭ লাখ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in