হাজোত ঐতিহাসিক চৰাই পূজা উদযাপন...

তীৰ্থনগৰী হাজোৰ এখন বিশেষ পূজাক লৈ যুৱতীসকলৰ মাজত এক উখল-মাখল পৰিবেশে বিৰাজ কৰিছে । যুগ-যুগ ধৰি হাজোৰ কুমাৰীসকলে প্ৰতিবছৰে আঘোণৰ পূৰ্ণিমা তিথিত এই পূজাভাগ কৰি আহিছে ...

author-image
Asomiya Pratidin
New Update
zhb

ডিজিটেল সংবাদ, হাজো : তীৰ্থনগৰী হাজোৰ এখন বিশেষ পূজাক লৈ যুৱতীসকলৰ মাজত এক উখল-মাখল পৰিবেশে বিৰাজ কৰিছে । যুগ-যুগ ধৰি হাজোৰ কুমাৰীসকলে প্ৰতিবছৰে আঘোণৰ পূৰ্ণিমা তিথিত এই পূজাভাগ কৰি আহিছে । এই বিশেষ পূজাখন হৈছে চৰাই পূজা । 

Advertisment

অকল হাজোতে উপলব্ধ এই বিশেষ চৰাই পূজাক কাট্টায়নী পূজা বুলিও কোৱা হয় । সম্পূৰ্ণ বৈদিক ৰীতি-নীতিৰে এই পূজা ভাগ কৰে হাজোৰ যুৱতীসকলে । বৃহত্তৰ হাজো এলেকাৰ পানীপাৰাৰ যুৱতীসকলে মাহজোৰা প্ৰস্তুতিৰে নিজ হাতে তৈয়াৰ কৰা মৃন্ময় চৰাই বিলাক ৰং কৰি সেই বিলাকক পূজা কৰে । 

বিয়া এখনত যিবোৰ বৈদিক ৰীতি- নীতিৰে কৰা হয় এই সকলোবোৰ চৰাই পূজা ভাগত দেখিবলৈ পোৱা যায় । পূজাৰ দিনা যুৱতীসকলে সম্পূৰ্ণ উপবাসে থাকি দোভাগ নিশা পূজা অন্ত হোৱাৰ পিছতহে ব্ৰত ভংগ কৰে । 

উল্লেখযোগ্য যে এই পূজাত অকল কেদাৰ পাহাৰতে উপলব্ধ এক বিশেষ ফুল ব্যৱহাৰ কৰা হয়। এই বিশেষ ফুলবিধ হৈছে শৰাই ফুল । একমাত্ৰ উপযুক্ত জীৱন সংগী পাবলৈ হাজোৰ যুৱতীসকলে এই পূজাভাগ কৰি আহিছে। অৱশ্যে এই পূজাভাগত মহিলাসকলে যুৱতীসকলক সহায় কৰে ।

hajo