/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/22758d1b-f652-4fc7-ac81-6989be4fe0d0/35b98934_c6ad_4486_a880_da43d28ca8cd.jpg)
ডিজিটেল ডেস্কঃ দল আৰু ৰাজ্যৰ কিছু কাম-কাজৰ বাবে মঙলবাৰৰ দিনটো দিল্লীত অতিবাহিত কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হঠাৎ মনত পৰিল গুৱাহাটীৰ ফুচকালৈ। যথেষ্ট ব্যস্ততাৰে দিনটো পাৰ কৰাৰ অন্তত সন্ধিয়া ভাগলৈ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সৈতে দিল্লীৰ এখন খাদ্য বিপনীত আহাৰ গ্ৰহণ কৰি থকাৰ সময়তে গুৱাহাটীৰ ফুচকালৈ মনত পৰিল মুখ্যমন্ত্ৰীগৰাকীৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/5bf81fac-ec85-4a0f-a753-42233f06cc25/448544777_1043766883779678_1734615569956746041_n.jpg)
দিল্লীত খাদ্য গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে মনৰ এই ভাৱ ব্যক্ত কৰিলে। তেওঁ সামাজিক মাধ্যমত পবিত্ৰ মাৰ্ঘেৰিটাৰ সৈতে দুখন ফটো আপলোড দি লিখিছে যে, গুৱাহাটীৰ ফুচকাই দিল্লীৰ গোলগপ্পাক হৰুৱাই দিব পাৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে লিখিছে- দিল্লীত জুতি লগা এটি সন্ধিয়া! ব্যস্ততাৰ এটি দিনৰ অন্তত দেশৰ ৰাজধানীত আজি মাননীয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীপৱিত্ৰ মাৰ্ঘেৰিটাৰ সৈতে সন্ধিয়া কিছু খাদ্যৰ সোৱাদ ল'লোঁ৷ ৰাজধানীত প্ৰচলিত সুস্বাদু খাদ্যসম্ভাৰৰ এক সুকীয়া আমেজ আছে৷ তথাপি কামৰ অন্তত গুৱাহাটীত ফুচকা খাবলৈ যোৱা সন্ধিয়াবোৰৰ কথাও বাৰুকৈয়ে মনত পৰিছিল৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/85f0651f-ff3d-4f8e-b0c3-be66663afc8d/417471262_1043766927113007_1905451704115242913_n.jpg)
উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়াকৈ দেশত হবলগীয়া উপ নিৰ্বাচনৰ বাবে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক ৰাষ্ট্ৰীয় বিজেপিয়ে কিছু গুৰু দায়িত্ব প্ৰদান কৰিছে। ঝাৰখণ্ড নিৰ্বাচনৰ সহ প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক। দলীয় আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে কিছু কাম লৈ দিল্লীলৈ যোৱা হিমন্ত বিশ্ব শৰ্মাই সন্ধিয়া ভাগলৈ দিয়া এই পোষ্টটোৱে নেটিজেনসকলক বেছ আমোদ দিছে।
Also Read: মই অলপ প্ৰাৰ্থনা কৰো, আপোনালোক সকলো ওলাই দিয়কঃ তাৰপিছতে...