মই অলপ প্ৰাৰ্থনা কৰো, আপোনালোক সকলো ওলাই দিয়কঃ তাৰপিছতে...

মই অলপ প্ৰাৰ্থনা কৰো, আপোনালোক সকলো ওলাই দিয়কঃ তাৰপিছতে...
Published on
Updated on

ডিজিটেল ডেস্কঃ ৰাজ্যৰ এগৰাকী দক্ষ আৰক্ষী বিষয়া শিলাদিত্য চেতিয়াৰ মৃত্যুৰ পাছতে এতিয়া শোকৰ ছাঁ পৰিছে সমগ্ৰ অসমত। আৰক্ষী বিষয়াগৰাকীয়ে এসময়ত অধ্যয়ন কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়তো শোকৰ ছাঁ পৰিছে। প্ৰয়াত চেতিয়াৰ সৈতে একেলগে পঢ়া সতীৰ্থসকলেও দুখ প্ৰকাশ পৰিছে।

ইফালে, আৰক্ষী বিষয়াগৰাকীয়ে চৰম পন্থা গ্ৰহণ কৰা ব্যক্তিগত খণ্ডৰ হস্পাতালখনৰ কৰ্তৃপক্ষই শেষ মূৰ্হুতটোৰ কথা বৰ্ণনা দিছে সংবাদমাধ্যমত। হস্পাতালখনৰ স্বত্তাধিকাৰী ডা০ হিতেশ বৰুৱাই সদৰি কৰে যে, শিলাদিত্য চেতিয়াৰ পত্নী আগমণি বৰবৰুৱা প্ৰায় দুমাহ ধৰি এই হস্পাতালখনত ভৰ্তি হৈ আছিল।

বিয়লি প্ৰায় ৪বজাত তেওঁৰ পত্নী মৃত্যু হোৱাৰ পাছতে মাতি পঠোৱা হৈছিল বিষয়াগৰাকীক। পত্নী মৃত্যু হোৱাৰ কথা তেওঁক জনোৱাৰ পাছতে তেওঁ কিছু ভাগি পৰিছিল। সেই সময়ত আই চি ইউত উপস্থিত থকা সকলোকে তেওঁ কিছুসময়ৰ বাবে আই চি ইউ ৰূমৰ পৰা কিছু সময়ৰ বাবে ওলাই যাবলৈ কৈছিল। তেওঁ কৈছিল যে, তেওঁ কিছু সময় প্ৰাৰ্থনা কৰিব।

আই চি ইউৰ পৰা সকলো লোক ওলাই অহাৰ পাছতে এই চৰম পন্থা গ্ৰহণ কৰে বিষয়াগৰাকীয়ে। গুলীৰ শব্দ শুনি সকলো ততাতৈয়াকৈ আই চি ইউ ৰূমলৈ সোমাই গৈ চিকিতসাৰ ব্যৱস্থা কৰিছিল যদিও অত্যাধিক ৰক্তক্ষয় হোৱাৰ বাবে অতি কম সময়ৰ ভিতৰতে মৃত্যু হৈছিল চেতিয়াৰ।

ইফালে চেতিয়াৰ মৃত্যুৰ পাছতে অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই হস্পাতালত উপস্থিত হৈ দুখ প্ৰকাশ কৰে। তেওঁ কয় যে, অসমে এগৰাকী ভাল মানুহ আৰু অতি দক্ষ আৰক্ষী বিষয়া হেৰুৱালে। নিজৰ কামক লৈ অতি সচেতন আছিল বুলিও কয় মহন্তই।

উল্লেখ কৰা প্ৰয়োজন যে, ২০০৯চনত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰিছিল। তাৰ পাছত প্ৰথম পোষ্টিং তেওঁৰ মাৰ্ঘেৰিটাতে হৈছিল। মাৰ্ঘেৰিটাৰ এছ ডি পি অ আছিল তেওঁ। তিনিচুকীয়াৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল। তিনিচুকীয়াৰ কলেজত তেওঁ অধ্যাপনাও কৰিছিল।

পৰৱৰ্তী সময়ত দৰং, তিনিচুকীয়া আদি বিভিন্ন ঠাইত বিভিন্ন পদবীত তেওঁ নিয়োজিত হৈছিল। প্ৰায় ৩বছৰ কাল তেওঁ আছিল  তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক। সেই সময়ত জিলাখনত আলফাক নিয়ন্ত্ৰণ কৰাত তেওঁ বিশেষভাৱে সফল হৈছিল।

মই অলপ প্ৰাৰ্থনা কৰো, আপোনালোক সকলো ওলাই দিয়কঃ তাৰপিছতে...
এগৰাকী সৎ, সফল আৰক্ষী বিষয়াৰ কেনেকৈ বিৰাগ জন্মিল জীৱনৰ প্ৰতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in