ডিব্ৰুগড়লৈ সংকটঃ মাইজানত ছগিল ৭৫০ মিটাৰ মথাউৰি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে পৰিদৰ্শন...

author-image
Asomiya Pratidin
New Update
ডিব্ৰুগড়লৈ সংকটঃ মাইজানত ছগিল ৭৫০ মিটাৰ মথাউৰি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে পৰিদৰ্শন...

himanta biswa sarma

ডিজিটেল ডেস্কঃ ডিব্ৰুগড় অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ ভয়াবহ খহনীয়া। চহৰখনৰ দাঁতিকাষৰীয়া মাইজানত সৃষ্টি হোৱা এই খহনীয়াই চহৰখনলৈ কঢ়িয়াই আনিছে ভয়াবহতা। এনে ভয়াবহতাৰ মাজতে আজি এই খহনীয়া অঞ্চল পৰিদৰ্শন কৰিবলৈ উপস্থিত হয়গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

Advertisment

মুখ্যমন্ত্ৰী ড০ শৰ্মাই খহনীয়াত প্ৰভাৱিত মথাউৰি পৰিদৰ্শন কৰাৰ লগতে মথাউৰি মেৰামতিৰ বুজ লয়। এই ভ্ৰমণৰ সময়ত তেওঁ ভগ্ন মথাউৰিটোৰ গুণগত মানৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰাকৈ মেৰামতিৰ কাম সম্পূৰ্ণ কৰাটো নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশনা প্ৰদান কৰে।

ইয়াৰ উপৰিও তেওঁ সংশ্লিষ্ট সকলোকে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈৰ পাৰৰ মথাউৰিসমূহ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ তৰফৰ পৰা সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস প্ৰদান কৰোঁ। এই পৰিদৰ্শন কালত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে কেন্দ্ৰীয় পেট্ৰ’লিয়াম ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিমল বড়াই।

উল্লেখ্য যে মাইজানত বহুকেইটা পৰিয়ালৰ ঘৰ-বাৰী খহনীয়াত জাহ গৈছে৷ ৪৭ৰো অধিক পৰিয়ালে মথাউৰিত আশ্ৰয় ল'বলগীয়া হৈছে। মাইজানত ব্ৰহ্মপুত্ৰৰ প্ৰায় ৭৫০ মিটাৰ মথাউৰি ছিগাৰ ফলত ডিব্ৰুগড় চহৰখনলৈয়ে বিপদ কঢ়িয়াই আনিছে। কেৱল জিঅ' বেগত ৰঙা মাটি ভৰাই ছিগা মথাউৰি মেৰামতি কৰিবলৈ চেষ্টা অব্যাহত ৰখাহে পৰিলক্ষিত হৈছিল।

এনে পৰিস্থিতিত বহু লোকেই ডিব্ৰুগড়ক ৰক্ষা কৰাৰ স্বাৰ্থত মথাউৰি নিৰ্মাণ তথা মেৰামতিত প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিবলৈও দাবী উত্থাপন কৰিছে। ইফালে খহনীয়াত সৰ্বস্ব হেৰুৱাই পথৰ বাসিন্দা হোৱা পৰিয়াল সমূহৰ কাষত থিয় দিছে সদৌ অসম ছাত্ৰ সন্থা৷

সন্থাই গৃহহীন পৰিয়ালকেইটাৰ পুনৰ সংস্থাপন, তেওঁলোকক সকলো ধৰণৰ সুবিধা প্ৰদান কৰাৰ লগতে খহনীয়া ৰোধৰ বাবে ক্ষীপ্ৰ ব্য়ৱস্থা গ্ৰহণৰ দাবী জনাইছে।

dibrugarh himanta biswa sarma