ড্ৰাগছ, সুৰাৰ পৰা কিদৰে দূৰত ৰাখিব সন্তানক ক'লে মুখ্যমন্ত্ৰীয়ে...

ড্ৰাগছ, সুৰাৰ পৰা কিদৰে দূৰত ৰাখিব সন্তানক ক'লে মুখ্যমন্ত্ৰীয়ে...
ড্ৰাগছ, সুৰাৰ পৰা কিদৰে দূৰত ৰাখিব সন্তানক ক'লে মুখ্যমন্ত্ৰীয়ে...

ডিজিটেল ডেস্কঃ ড্ৰাগছ, মদ আদি নিচাযুক্ত সামগ্ৰীৰ আসক্তিৰ পৰা সন্তানক কিদৰে আঁতৰাই ৰাখিব পাৰি তাৰ উপায় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেৱল নিচাযুক্ত দ্ৰব্যৰ পৰা আঁতৰাই ৰখাই নহয় কিদৰে সন্তানক সংস্কাৰী কৰি তুলিব পাৰি, ঘৰৰ লগতে ৰাজ্যত শান্তি বজাই ৰাখিব পাৰি তাৰো উপায় আগবঢ়ালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

উত্তৰ গুৱাহাটীস্থিত আউনীআটি শাখা সত্ৰৰ উদ্যোগত অনুষ্ঠিত ৩ দিনীয়া নামঘৰ সমাৰোহৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কৃষ্ণ ভক্তিৰ কথা উল্লেখ কৰি কৃষ্ণ ভক্তিৰ জৰিয়তেই যে সন্তানক নিচাজাতীয় দ্ৰব্যৰ পৰা আঁতৰাই ৰাখিব পাৰি, সংস্কাৰী কৰি গঢ়ি তুলিব পাৰি সেই কথা প্ৰকাশ কৰিছে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ মতে, পৰিয়ালত কৃষ্ণ ভক্তিৰ জোৱাৰ সৃষ্টি হ'লে সেই পৰিয়ালত কোনো ধৰণৰ অপায়,অমংগল আহিব নোৱাৰে। বাহ্যিক প্ৰভাৱত আজিৰ ডেকা শক্তি কিছু অংশ যিধৰণে বিপথে পৰিচালিত হৈছে, সেই অংশক সঠিক পথলৈ আনিবলৈ আৰু ড্ৰাগছ মদ আদিৰ পৰা দূৰত ৰাখিবলৈ একমাত্ৰ পথ হৈছে শৈশৱতেই শিশুৰ মনত কৃষ্ণভক্তিৰ জাগৰণ সৃষ্টি কৰা।

অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত নৱ বৈষ্ণৱ ধৰ্মৰ এটা নতুন যুগৰ সৃষ্টি কৰিছিল। মহাপুৰুষ মাধৱদেৱ, হৰিদেৱ, দামোদৰ দেৱে অসমৰ এই নৱ বৈষ্ণৱ, ভক্তি আন্দোলনক সন্মুখৰ পৰা নেতৃত্ব দিছিল।

মহাপুৰুষ শংকৰদেৱৰ পথ প্ৰদৰ্শনত তেখেতৰ আধ্যাত্মিক দৰ্শনক কেন্দ্ৰ কৰি অসমত গঢ়ি উঠা নৱবৈষ্ণৱ ধৰ্মৰ আন্দোলনে সমগ্ৰ ভাৰতবৰ্ষৰ নৱবৈষ্ণৱ ধৰ্মৰ সৈতে একিকৰণ হৈ কৃষ্ণ ভক্তিৰ এক অদ্ভুত জাগৰণ সমগ্ৰ দেশখনতে সৃষ্টি কৰিছিল।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই বৰঅসমত কৃষ্ণভক্তিৰ যি জোৱাৰ সৃষ্টি কৰিছিল তাৰ প্ৰতিধ্বনি ৫৫০ বছৰ পিছতো প্ৰত্যক মুহূৰ্তে মুহূৰ্তে আমি অনুভৱ কৰো। প্ৰজন্মৰ পিছত প্ৰজন্ম আহিছে। কিন্তু কোনেও মহাপুৰুষ গৰাকীৰ নিৰ্মালী এই নাম-কীৰ্তনক এৰি দিয়া নাই।

সমাজত বহুত পৰিৱৰ্তন আহিছে। কিন্ত সেই পৰিৱৰ্তনৰ মাজতো নাম আৰু কীৰ্তনৰ যি অম্লান জ্যোতি ৫০০ বছৰ আগতে মহাপুৰুষ জনে কল্পনা কৰিছিল, সেই ধৰণেই চলি আছে। আৰু এই নাম সংস্কৃতিয়ে নৱবৈষ্ণৱ ধৰ্মৰ লগতে অসমীয়া জাতিকো জীয়াই থকাৰ অমৃত ৰস পাণ কৰাবলৈ সক্ষম হৈছে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক দি যোৱা সংস্কৃতি অবিহনে আমাৰ অসমীয়া জাতিৰ পৰিচয় তেনেই সীমিত, তেনেই ঠেক। মহাপুৰুষগৰাকীয়ে আমাক এটা বৰ্ণিল সংস্কৃতি দি থৈ গৈছিল। আৰু সেই সংস্কৃতিৰ মাজেৰে নেদেখাজনৰ লগত একাত্ম হৈ যোৱাৰ এক অদ্ভুত জ্ঞান আমাৰ মাজত এৰি থৈ গৈছিল।

আজি উত্তৰ গুৱাহাটীত আমি শুনা হৰি নামৰ ধ্বনিয়ে আমাৰ আত্মাক মলিনতাৰ পৰা আৰু অধিক পৰিস্কাৰ কৰিলে আৰু আমাৰ মন অন্তৰ কৃষ্ণ ভক্তিৰে বিয়পি পৰিলে। মই আশা কৰো যে, আমাৰ আই-মাতৃসকলে, অভিভাৱকসকলে আমাৰ সন্তানসকলৰ মনত এই কৃষ্ণভক্তিৰ জোৱাৰ তুলিবলৈ চেষ্টা কৰিব লাগে।

কাৰণ যিমানেই আমাৰ পৰিয়ালত কৃষ্ণ ভক্তিৰ জোৱাৰ সৃষ্টি হ'ব সেই পৰিয়ালত কোনো ধৰণৰ অপায়,অমংগল আহিব নোৱাৰে। আৰু বাহ্যিক প্ৰভাৱত আজিৰ ডেকা শক্তি কিছু অংশ যিধৰণে বিপথে পৰিচালিত হৈছে, ড্ৰাগছ মদ আদিৰ পৰা দূৰত ৰাখিবৰ একমাত্ৰ পথ হৈছে সৰুতেই সন্তানৰ মনত কৃষ্ণভক্তিৰ এটা জাগৰণ সৃষ্টি কৰা।

যেতিয়াই সৰুতেই পৰিয়ালত কৃষ্ণ ভক্তিৰ জাগৰণ হ'ব, লৰা-ছোৱালীয়ে সংস্কাৰৰ মূল্য বুজি পাব আৰু সংস্কাৰৰ পথেৰে আগবাঢ়ি কৃষ্ণৰ লগত একিকৰণ হ'বলৈ চেষ্টা কৰিব সিমানেই আমাৰ পৰিয়াল আমাৰ অসমখন আৰু অধিক আগুৱাই যাব।

তেওঁ কয়, সমাজত জাত-পাত, সংকীৰ্ণতা সেয়া ভগৱানে সৃষ্টি কৰা নাই। ভাগৱত গীতাত মহাপ্ৰভূ কৃষ্ণই বাৰে বাৰে কৈ গৈছে গুণ আৰু কৰ্মৰ ভিত্তিতহে জাতিৰ সৃষ্টি হয়। বংশ আৰু জন্মৰ ভিত্তিত জাতিৰ সৃষ্টি নহয়।

সেয়ে সংকীৰ্ণতা ত্যাগ কৰি মহাপুৰুষ শংকৰদেৱে এক উদাৰ দৃষ্টি ভংগীৰে বৰঅসমৰ এক মহান জাতি নিৰ্মাণ কৰাৰ প্ৰচেষ্টা লৈছে। আউনীআটি সত্ৰৰ প্ৰচেষ্টাত আমি সেই বৰঅসমৰ প্ৰতিধ্বনি আমাৰ এই উত্তৰ গুৱাহাটীত আকৌ এবাৰ শুনিবলৈ পাইছো। আশা কৰো এই বৰঅসমৰ বোৱতী সুঁতিক আমি আগুৱাই লৈ গৈ থাকিম।

ইয়াক আৰু অধিক সৰশ্ৰোতা আৰু অধিক চহকী কৰিম। বিশ্বৰ বুকুত সংস্কাৰ আৰু সভ্যতাৰ জয়ধ্বনিৰ মাজেৰে জ্ঞান আৰু বিজ্ঞানক সামৰি আমি এক মহান জাতি হিচাপে নিজৰ পৰিচয় দিম।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in