/asomiyapratidin/media/media_files/2025/06/22/214-2025-06-22-17-58-50.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : অসমৰ শিক্ষা ব্যৱস্থা বিজেপিয়ে ধ্বংস কৰি পেলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচন পৰিচালনা কমিটীৰ সভাপতি তথা প্ৰাক্তন সাংসদ ৰিপুণ বৰাই ৷ দেশৰ ৩৬ খন ৰাজ্যৰ ভিতৰত অসমৰ শিক্ষাৰ স্থান ৩৪ নং স্থানলৈ নামি অহাত হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ কৰি শিক্ষকৰ পৰ্যালোচনা বৈঠকত শিক্ষকক ‘মালটো’ বুলি কোৱা মানুহ মুখ্যমন্ত্ৰী হ’লে শিক্ষা ব্যৱস্থা বিধ্বস্ত হ’বই বুলি কটাক্ষ কৰে ৰিপুণ বৰাই ৷
দোওবাৰে ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ প্ৰফুল্ল কুমাৰ দাস আৰু মিডিয়া বিভাগৰ সাধাৰণ সম্পাদক ৰূপক দাসৰ উপস্থিতিত ৰিপুণ বৰাই সংবাদমেল সম্বোধন কৰে। তেওঁ অসমৰ শিক্ষা ব্যৱস্থাৰ সূচাংক তালিকাত একেবাৰে তলত স্থান পোৱাৰ বাবে হিমন্ত বিশ্ব শৰ্মাক দায়ী বুলি কয়৷
উল্লেখযোগ্য যে, ১৭০ জন প্ৰবক্তাক চাকৰিৰ পৰা চাটাই কৰা, টিউটৰৰ চাকৰি নিয়মীয়াকৰণ নকৰা, স্কুল আধাতে এৰা ছাত্ৰ-ছাত্ৰীৰ হাৰ নিম্নগামী হোৱাৰ প্ৰসংগ উল্লেখ কৰি ৰিপুণ বৰাই কয় যে শিক্ষাইহে এখন দেশক আগুৱাই নিব পাৰে৷ শিক্ষাই পিছুৱাই লৈ যাব পাৰে৷ সকলোৱে শিক্ষাৰ ওপৰত নিৰ্ভৰশীল৷
আজি দহ বছৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰীৰ পৰা শুনি থাকিলো যে অসমক ভাৰতৰ শ্ৰেষ্ঠ ৫ খন ৰাজ্যৰ ভিতৰত কৰিব৷ শ্ৰেষ্ঠ ৰাজ্য কৰিবলৈ দহ বছৰ লাগে নেকি? আমি একেই পুৰণা ৰেকৰ্ডকে শুনি আছোঁ৷ আজি অসমৰ শিক্ষা ব্যৱস্থা বিধ্বস্ত৷ বাকী উন্নয়নৰ কথাটো বাদ দিয়ক৷
ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে ২০২৪-২৫ বৰ্ষৰ ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্যৰ যি সূচাংক প্ৰকাশ কৰিলে তাত ভাৰতবৰ্ষৰ ২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্ৰীয়শাসিত ৰাজ্যৰ ভিতৰত অসমৰ স্থান একেবাৰে তলৰ পৰা দুই নম্বৰত৷ ৩৬ খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান ৩৪ নং স্থানত৷ পাৰ্ফমেন্সত আমি ৩৪ নং স্থানত আহিছোঁ৷ এয়া অসমৰ বাবে লজ্জাজনক কথা৷
বিজেপি চৰকাৰৰ দিনত সৰ্বানন্দ সোণোৱাল আৰু ৫ বছৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত ফেইল হৈছে৷ যদি সুদীৰ্ঘ ১০ বছৰ শাসন কৰাৰ পিছতো এনে অৱস্থা তেন্তে ৫ খন ৰাজ্য কৰাৰ প্ৰতিশ্ৰুতি ক’লৈ গ’ল ? ৩৪ নম্বৰত আহি পৰিলো৷ এয়া অসমৰ বাবে লজ্জাজনক আৰু হতাশাজনক অৱস্থা৷ এনে অৱস্থাৰ বাবে দায়ী হিমন্ত বিশ্ব শৰ্মা৷
তেওঁৰ হাতত সময় নাই তথাপি আমি পৰামৰ্শ দিছোঁ৷ ২৪ ঘণ্টাই কংগ্ৰেছ আৰু গৌৰৱ গগৈৰ পিছত লাগি থকাটো এৰক ৷ গো-মাংস-গাহৰি মাংসৰ বিতৰ্ক এৰক ৷ কোন দল লেতেৰা, কোন দল চাফা এইবিলাক এৰক ৷ ইয়াৰ কাৰণ হৈছে শিক্ষামন্ত্ৰী এটা পুতলা মন্ত্ৰী ৷ শিক্ষামন্ত্ৰীৰ কোনো অস্তিত্ব নাই ৷
মেট্ৰিক, উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিন ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ৷ কোনে কিমান শতাংশ নম্বৰ পালে সেয়া ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ৷ ভাৰত চৰকাৰৰ শিক্ষা বিভাগে ১০ টা গ্ৰেড প্ৰকাশ কৰিছে ৷ ১০ টা গ্ৰেডত অসম ক’তো নাই ৷
শিক্ষাৰ এনে অৱস্থা কৰি বিজেপিয়ে ভৱিষ্যৎ প্ৰজন্মৰ মাজত অন্ধকাৰ অনাৰ প্ৰয়াস কৰিছে ৷ সকলো ক্ষেত্ৰত অসমৰ বিধ্বস্ত অৱস্থা ৷ স্কুল আধাতে এৰাৰ ক্ষেত্ৰত তথ্য দাখিল কৰি ২০২১ চনত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈছিল ৷
২০২৩ চনলৈ অসমত নিম্ন প্ৰাথমিক পৰ্যায়ত স্কুল এৰাৰ হাৰ হৈছে ৬ শতাংশ ৷ সৰ্বভাৰতীয় হাৰ হৈছে ১.৫ শতাংশ ৷ উচ্চ প্ৰাথমিক পৰ্যায়ত স্কুল এৰাৰ হাৰ হৈছে ৮.৮ শতাংশ ৷ সৰ্বভাৰতীয় হাৰ হৈছে ৩ শতাংশ ৷ উচ্চতম মাধ্যমিক পৰ্যায়ত শিক্ষা এৰাৰ হাৰ হৈছে ২০.৩ শতাংশ ৷ সৰ্বভাৰতীয় হাৰ হৈছে ১২.৬ শতাংশ ৷
এই তথ্য কেন্দ্ৰীয় চৰকাৰৰ সংস্থা ইউডিআইএছইৰ ৷ এই তথ্যই প্ৰমাণ কৰে যে স্কুল এৰাৰ হাৰৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰত অসমৰ হাৰ সকলোতকৈ বেছি ৷ কেৱল ইমানেই নহয়, এইখন চৰকাৰে অন্যান্য প্ৰকাৰেও শিক্ষা ব্যৱস্থাটোক ধ্বংস কৰিছো ৷
বিগত ১০ বছৰত অসমত ৭ বাৰ প্ৰশ্নকাকত ফাদিল হৈছে ৷ মেট্ৰিক, উচ্চতৰ মাধ্যমিক মিলি ১০ বছৰত ৭ বাৰ প্ৰশ্নকাকত ফাদিল হোৱাটো খুব লজ্জাজনক কথা ৷ এবাৰ কাকত ফাদিল হোৱাৰ পিছত দ্বিতীয়বাৰ ফাদিল নহ’বলৈ চৰকাৰে ব্যৱস্থা ল’ব নোৱাৰিলে ৷
আনহাতে টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ নকৰাৰ প্ৰসংগ উল্লেখ কৰি ৰিপুণ বৰাই কয় যে, বহু টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰিলে যদিও বহু টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা হোৱা নাই ৷ তাৰ বাবে শিক্ষকৰ মনোবল ভাঙি গৈছে ৷
শিক্ষা ব্যৱস্থা যেনেকৈ আগবাঢ়িব লাগিছিল তেনেদৰে আগবঢ়া নাই ৷ উচ্চতৰ মাধ্যমিক পৰ্যায়ত কম যদিও প্ৰাথমিক স্তৰত বহু স্কুল আজিও ভেন্সাৰ হৈ আছে ৷ স্কুল বন্ধ হোৱাৰ প্ৰসংগ উল্লেখ কৰি ৰিপুণ বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলক আক্ৰমণ কৰি কয় যে মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ বাবে অসমত ৭ হাজাৰ স্কুল বন্ধ হৈছে ৷
বিজেপিৰ দিনত স্কুল একত্ৰিকৰণৰ নামত ৭ হাজাৰ স্কুল বন্ধ কৰা হৈছে ৷ এল পি, এম ই, হাইস্কুল, উচ্চতৰ মাধ্যমিক স্কুল একত্ৰিকৰণ কৰি ৭ হাজাৰ স্কুল বন্ধ কৰা হৈছে ৷ এয়া ভয়ংকৰ কণ্ডিচন ৷
চৰকাৰখনে চাকৰি দিয়াৰ কথা কৈ আহিছে ৷ কিন্তু চৰকাৰখনে ২০১৭ চনত নিযুক্তি লাভ কৰা ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিকৰ ১৭০ প্ৰবক্তাক খেদিলে ৷ অৰ্হতাৰ ভিত্তিত নিয়োগ দিয়া ৭০ জন আছিল ইঞ্জিনিয়াৰিং কলেজৰ আৰু ১০০ জন আছিল পলিটেকনিকৰ প্ৰবক্তা ৷
কেবিনেটত আণ্ডাৰ থ্ৰী এফ ব্যৱস্থাত পাৰ্ট-টাইম হিচাপে নিযুক্তি দিয়া হৈছিল ৷ আনহাতে চৰকাৰৰ নিয়ম আছে যে যদি কোনোবাক আণ্ডাৰ থ্ৰী এফত নিযুক্তি দিয়া হয় তেন্তে ছমাহৰ ভিতৰত এপিএছচিত নিযুক্তি পৰীক্ষা পাতি চাকৰি নিয়মীয়াকৰণ কৰিব লাগে ৷
থ্ৰী এফত এই কাৰণে নিযুক্তি দিয়া হয় যাতে অসম লোকসেৱা আয়োগৰ পৰীক্ষা অনুষ্ঠিত কৰোঁতে সময় লাগে ৷ যাতে ছাত্ৰ-ছাত্ৰীৰ ক্ষতি হ’ব নালাগে ৷ চৰকাৰৰ ১৭০ জন প্ৰবক্তাৰ বাবে এপিএছচিত পৰীক্ষা পাতি নিয়ুক্তি দিয়াৰ দায়িত্ব আছিল ৷ তেওঁলোকে ৮ বছৰ চাকৰি কৰিছে ৷
চাকৰি নিয়মীয়াকৰণৰ দাবীত তেওঁলোকে আন্দোলন কৰিলে ৷ কিন্তু চৰকাৰে একোকে নুশুনিলে ৷ চৰকাৰে সেইটো নকৰিলে ৷ তেনে কৰিবলৈ সময় নাপালে ৷ কিয়নো কংগ্ৰেছৰ পিছত লাগি আছে ৷ গৌৰৱ গগৈৰ ভূত দেখি থাকে ৷
কংস কাহিনী বুলি দোহাৰি গৌৰৱ গগৈ অহাৰ পিছতে তেওঁৰ যে গাদী যাব সেই কথা গম পাইছে ৷ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ’ব সেই কথা জানি ছাঁটোকে বাঘ দেখাৰ দৰে হৈছে ৷ ১৭০ জন প্ৰবক্তাক চাকৰিৰ পৰা চাটাই কৰা ঘটনাক কংগ্ৰেছে গৰিহণা দি এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবী জনায় ৷
হাইস্কুল-উচ্চতৰ মাধ্যমিকৰ টিউটৰসকলৰ প্ৰসংগ উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই কয় যে চৰকাৰে ৩ হাজাৰ টিউটৰ ৰাখিছে ফিক্সড পে’ত ৷ একেখন স্কুলত এজন শিক্ষকে পাব ফুল পে’ আৰু এজন পাব ফিক্সড পে’ ৷ এয়া বৈষম্য ৷ যাৰ বাবে শিক্ষকসকলে হীনমন্যতাত ভুগিছে ৷ মনোবল ভাঙি গৈছে ৷ পাঠদান কৰিব পৰা নাই ৷
একেই পাঠদান কৰি এজন শিক্ষাকে হাজাৰ টকা দৰমহা পাইছে, এজন শিক্ষকে কেইহাজাৰমান দৰমহা পাইছে ৷ স্কুলৰ ৰান্ধনিক ন্যূনতম দৰমহা দিয়ে ৷ ঠিকাভিত্তিত ৰাখি চাকৰি নিয়মীয়া নকৰাকৈ ৰাখিছে ৷ দুপৰীয়াৰ আহাৰ নিয়মীয়া নহয় ৷ আজি এনেদৰেই এইখন চৰকাৰে শিক্ষা ব্যৱস্থা বিধ্বস্ত কৰিছে ৷
শিক্ষা ব্যৱস্থা কিয় বিধ্বস্ত হৈছে তাৰ উদাহৰণ দি ৰিপুণ বৰাই কয় যে এইগৰাকী হিমন্ত বিশ্ব শৰ্মা যেতিয়া শিক্ষামন্ত্ৰী আছিল তেতিয়া শিক্ষকৰ পৰ্যালোচনা বৈঠকত কৈছিল যে ‘মালটো’ আপুনি কেইটা বজাৰ পৰা আৰম্ভ কৰে ৷ এজন শিক্ষামন্ত্ৰীয়ে সৰু সৰু ল’ৰা-ছোৱালীক কি বাৰ্তা দিছে ? এজন শিক্ষামন্ত্ৰীৰ মুখত অসভ্য, ঘৃণনীয় শব্দ৷ তেনে নেতাৰ নেতৃত্বত শিক্ষা ব্যৱস্থা বিধ্বস্ত নহ’ব কিয় ৷
এইজন লোকেই মুখ্যমন্ত্ৰীয়ে হিন্দুৰ মন্দিৰত গো-মাংস উদ্ধাৰ হোৱাৰ পিছত সিহঁতৰ ঠাইত আমি গাহৰি মাংস পেলাব লাগে, তেতিয়া বৰাবৰ হৈ যাব -ভাষা শুনক অসমৰ মুখ্যমন্ত্ৰীৰ ৷ ৰক্ষকে ভক্ষক হৈছে ৷
যাৰ হাতত আইন আছে, সংবিধানৰ শপত লৈছে ৷ সংবিধানত উল্লেখ আছে কোনো জাতি, ধৰ্ম, বৰ্ণৰ বিৰুদ্ধে তেনেকৈ ক’ব নোৱাৰে ৷ আমি কোনোবাই ক’লে জে’ললৈ যাবলগীয়া হ’লহেঁতেন বুলি তেওঁ সংবাদমেলত উল্লেখ কৰে ৷