পদুম মানে ট্ৰেক্টৰ, ট্ৰেক্টৰ মানেই পদুমঃ ড° হিমন্ত বিশ্ব শৰ্মা

পদুম মানে ট্ৰেক্টৰ, ট্ৰেক্টৰ মানেই পদুমঃ ড° হিমন্ত বিশ্ব শৰ্মা

author-image
Asomiya Pratidin
New Update
পদুম মানে ট্ৰেক্টৰ, ট্ৰেক্টৰ মানেই পদুমঃ ড° হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ হাগ্ৰামা মহিলাৰীয়ে জংঘললৈ পঠোৱা যুৱক-যুৱতী সকলক প্ৰমোদ বড়োৱে জংঘলৰ পৰা মাতৃৰ বুকুৰ মাজলৈ ঘূৰাই আনিবলৈ পাৰিছে ৷ সেইকাৰণে বড়োভুমিত শান্তি প্ৰতিষ্ঠা হৈছে ৷ এই শান্তি প্ৰতিষ্ঠা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবেই। পদুম মানে ট্ৰেক্টৰ, ট্ৰেক্টৰ মানেই পদুম এই মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।

Advertisment

বুধবাৰে কোকৰাঝাৰ জিলাৰ দোতমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা বিজেপি-ইউপিপিএলৰ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে উক্ত বক্তব্য প্ৰকাশ কৰিছে। নিৰ্বাচনৰ পাছতে ঘৰে ঘৰে অৰুণোদয় দিব বুলি প্ৰতিশ্ৰুতি দি প্ৰতিমাহৰ ১০ তাৰিখে দোতমাৰ সকলো ঘৰতে অৰুণোদয়ৰ ধন বেংক একাউণ্ট যোগে সোমাব বুলি প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীয়ে ৷ এইবাৰ মেট্ৰিক পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়াকৈ নাম ভৰ্তিৰ ব্যৱস্থা কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে ।

উল্লেখ্য যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ যোৱা দুদিনৰ ব্যৱধানত কোকৰাঝাৰ জিলাত আজি তৃতীয়খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৷ অহা ৩মে'ত পুনৰ কোকৰাঝাৰ ছালেকাটিত চতুৰ্থখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি সন্ধিয়া কোকৰাঝাৰ সদৰ চহৰত ৰোডশ্ব' কৰিব ৷

হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ শেহতীয়াকৈ কোকৰাঝাৰ লোকসভা সমষ্টিটোত সবল স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমষ্টিটো যিকোনো প্ৰকাৰে বিপিএফৰ পৰা উদ্ধাৰ কৰিবলৈ মিত্ৰজোঁটে জোৰদাৰ প্ৰচাৰ অভিযানত নামি পৰিছে ৷ প্ৰণিধানযোগ্য যে আজি মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ পূ্ৰ্বে নিৰ্বাচনী সভাৰ গাতে লাগি থকা বডোফাৰ সমাধিত গৈ শ্ৰদ্ধাঞ্জলি জনায়।

কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰীয়ে পৰিচালনা কৰা আজিৰ নিৰ্বাচনী সভাত বিটিচি প্ৰধান প্ৰমোদ বড়ো, কেবিনেট মন্ত্ৰী ক্ৰমে উৰ্খাও গৌৰা ব্ৰহ্ম, অশোক সিংঘল , বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীকে ধৰি বহু বিশিষ্টই অংশগ্ৰহণ কৰাৰ লগতে কেবা সহস্ৰাধিক ৰাইজে নিৰ্বাচনী সভাত ভাগ লয় ।

Also Read: শিৱসাগৰত ভয়ংকৰ অগ্নিকাণ্ড...

kokrajhar