/asomiyapratidin/media/media_files/2025/07/03/1-2025-07-03-22-15-17.jpg)
ডিজিটেল সংবাদ,ওডালগুৰিঃ আজি ওদালগুৰিৰ পৰাই পাঁচদিনীয়া ভ্ৰমণসূচীৰে মিচন বিটিআৰ আৰম্ভ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি দিনৰ প্ৰায় ১১-৩০ বজাত ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ জিলাখৰ বিভিন্ন আচনিসমূহৰ বুজ লয়।
অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকা, জিলাখনৰ প্ৰতিগৰাকী বিধায়কৰ উপস্থিতিত চৰকাৰৰ দ্বাৰা প্ৰদান কৰা বিভিন্ন আচনিসমূহ ৰূপায়নৰ অগ্ৰগতিব বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
ইয়াৰ পাছত জিলা আয়ুক্ত কাৰ্যালয় চৌহদত সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কয়, "আমি অসম চৰকাৰে ৰূপায়ণ কৰা অৰুণোদয় ৩.০, মহিলা উদ্যোমিতা, আত্মনিৰ্ভৰ অসম, এটি কলি দুটি পাতৰ লগতে বিভিন্ন আচনি সমূহ জিলাখনত কেনেদৰে ৰূপায়ন হৈছে তাৰ বুজ লওঁ।
অসমৰ তুলনাত বিটিআৰত এই আচনিসমূহৰ কাম কিছু লেহেমীয়া হৈছে। অহা চেপ্তেম্বৰ মাহত অনুষ্ঠিত হব বিটিআৰ নিৰ্বাচন। দুৰ্গাপূজাৰ পূৰ্ৱে বিটিআৰ নিৰ্বাচনৰ ফলাফল ওলাই যাব। বিটিআৰ নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ মাজত পাৰ্থক্য আছে। বিটিআৰত সকলোৱে নিজা নিজাকৈ নিৰ্বাচন খেলে। বিপৰীতে বিধানসভা বা লোকসভা নিৰ্বাচনত যুটীয়াভাৱে নিৰ্বাচন খেলা হয়।
বিটিআৰত বিজেপিয়ে সকলোৰে সৈতে বন্ধুত্বমূলকভাৱে নিৰ্বাচন খেলিব। আমি কাকো সমালোচনা নকৰো। আমি কিমানখন আসনত নিৰ্বাচন খেলিম সেয়া এতিয়াও স্পষ্ট নহয় যদিও আমি ৩৮ টা পৰিষদীয় সমষ্টিৰ সম্ভাৱনাপূৰ্ণ সমষ্টিবোৰক লৈ তত্বাৱধায়কে আমাক প্ৰতিবেদন দিব।সেই প্ৰতিবেদনখন সভাপতিয়ে চাই সিদ্ধান্ত লব কোন সমষ্টিত খেলিলে আমাৰ লাভ হব।
আমি বিটিআৰৰ শান্তি বিঘ্নিত হোৱাটো নিবিচাৰো। আমাৰ লক্ষ্য নিৰ্বাচনতকৈ শান্তি আগত। শান্তি থাকিলে নিৰ্বাচন চলি থাকিব। একেদৰে আচাৰ্য্য পংকজ পাঠকৰ সৈতে গোৱালপাৰাত সংঘটিত ঘটনাৰ উদ্বেগ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ঘটনাটো মই দেখিছো, মাৰপিট কৰাটো বেয়া হৈছে। আৰক্ষীয়ে যি ব্যৱস্থা লব লাগে সেয়া লব।
ইফালে ৰাজ্যত চলি থকা গৰুৰ প্ৰসঙ্গত কংগ্ৰেছৰ মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "কংগ্ৰেছে য'ত মাতিব লাগে তাত নামাতে। অসমত হাজাৰ হাজাৰ গৰু কুৰবানী হৈ আছে। জীয়াই থকা গৰুত মাতিব লাগে নে গৰু মাৰি আছে সেইটোত মাতিব লাগে? কংগ্ৰেছ দলক মই প্ৰত্যাহ্বান জনাও যে কুৰবানী গৰুৰ ওপৰত মাত মাতিবলৈ তেওঁলোকৰ সাহস নাই।
গৰুৰ সলনি ছাগলীৰ কুৰবানী কৰক বুলি আহ্বান জনাবলৈ বিজেপিৰ সাহস আছে। কিন্তু কংগ্ৰেছে পাৰিব নেকি? ৰাজ্যৰ দোকানে -পোহাৰে, নামঘৰ, মন্দিৰৰ সন্মুখত গৰু বিক্ৰী হৈ থাকিলে কংগ্ৰেছে প্ৰতিবাদ কৰা দেখিছে নেকি? ৰাজ্যৰ নামঘৰৰ সন্মুখত গৰু মাংস উদ্ধাৰ হোৱা ঘটনাত কংগ্ৰেছে গৰিহনা দিয়া নাই। কংগ্ৰেছে জীয়াই থকা গৰুৰ সলনি মৰা গৰুৰ কথা কব লাগে যে কোনে মাৰিলে।
কংগ্ৰেদ দলটো ওলোটা। য'ত মাত দিব লাগে তাত নিদিয়ে আৰু য'ত মাত দিব নালাগে তাত মাত দিয়ে। ইফালে গৰুখুটি প্ৰকল্প সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, কংগ্ৰেছৰ লক্ষ্য হৈছে গৰুখুটি প্ৰকল্পটো বন্ধ কৰা। কাৰণ গৰুখুটিৰ পৰা উচ্ছেদিত লোকসকল যাতে পুনৰ গৰুখুটি প্ৰকল্পস্থলীত বহিব পাৰে।
আগন্তুক নাৰেঙ্গী-কুৰুৱা দলং সম্পূৰ্ণ হ'লে গৰুখুটি অঞ্চলৰ মাটিৰ মূল্য বহুত বৃদ্ধি হব। যাৰ ফলত আমাৰ খিলঞ্জীয়া লোকে মাটিৰ অধিকাৰ লাভ কৰিব। গৰুখুটি প্ৰকল্পটো প্ৰায় লাভৰ দিশে আগবাঢ়ি আহিছে। মই কিন্তু প্ৰকল্পটোৰ পৰা লাভ বিচৰাৰ সলনি ভূমিখিনি ৰক্ষণাবেক্ষণ দিবলৈহে চেষ্টা কৰিছো। প্ৰকল্পটোৰ ভূমিৰ মূল্য বৃদ্ধিৰ দ্বাৰাহে আমি লাভৱান হম।
ইফালে পুনৰ কংগ্ৰেছ দল সন্দৰ্ভত কটাক্ষ কৰি তেখেতে কয় যে,দলটোলৈ মোৰ দুখ লাগে। তেওঁলোকে কুৰবানীৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে, নামঘৰৰ সন্মুখত গৰু মাংস থ'লে মাত মাতিব নোৱাৰে। সেই দলে আকৌ গৰুক লৈ ৰাজনীতি কৰি আছে। গতিকে কংগ্ৰেছে অদৰকাৰী কামত সময় নষ্ট কৰাতকৈ ভাল কামত সময় নষ্ট কৰক।