/asomiyapratidin/media/media_files/2025/03/14/e2x00gFktUPYpfCLmeAA.png)
বটদ্ৰৱা থানত মুখ্যমন্ত্ৰী
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আজি পবিত্ৰ দৌল পূৰ্নিমা। পৰম্পৰা অনুসৰি বটদ্ৰৱা থানত গোসাঁই শিৰত ফাকু দিয়া উৎসৱ পালন কৰা হয়। এই ঐতিহাসিক দিনটোত বটদ্ৰৱা থানত সেৱা লবলৈ উপস্থিত হল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। জাতীয় সাজ পৰিধান কৰি পোনে পোনে বটদ্ৰৱা থানৰ কীৰ্তনঘৰত সেৱা লৈ গোবিন্দ গোসাঁই ওচৰত আশীৰ্বাদ গ্ৰহন কৰে। পাছত ভকত বৈষ্ণৱৰ লগত মত বিনিময় কৰি সকলোকে পবিত্ৰ দৌল উৎসৱ, ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰে। অস্থায়ী মণ্ডপত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক গামোচা, চেলেং, ভাগৱত পুথি, প্ৰশস্তি পত্ৰ, শৰাইৰে সম্বৰ্ধনা জনোৱা হয়।
আনহাতে দৌল পূৰ্নিমাৰ দিনটোতে মুখ্যমন্ত্ৰীক কাষত পাই ভকত বৈষ্ণৱ, আইমাতৄ, ডেকা গাভৰু সকলোৱে চেল্ফি উঠিবলৈ হেতা উপৰা কৰাত উখল মাখল পৰিৱেশৰ সৃষ্টি হয়। পাছত সাংবাদিকক সম্বোধন কৰি ড০ হিমন্ত বিশ্ব শৰ্মাই "ফাকুৱা উৎসৱ কেৱল দুটা দিনেই নহয়, গোটেই বছৰটো অসমৰ মানুহ এনেদৰে আনন্দত থাকক তাৰেই কামনা কৰিলো। বটদ্ৰৱালৈ আহি, ভগবন্ত প্ৰভুৰ চৰনত সেৱা জনালো। ভক্তিভৰা সেৱা আগবঢ়ালোঁ। অসমবাসীৰ মংগল কামনা কৰিলো।" বুলি প্ৰকাশ কৰাৰ লগতে অক্টোবৰত বটদ্ৰৱা প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰা হব বুলি ঘোষণা কৰে। আৰু নগাঁৱত শিঘ্ৰে এখন কেবিনেট বৈঠক অনুস্থিত কৰি জিলাখনৰ উন্নয়নৰ বাবে প্ৰকল্প হাতত লোৱা হ'ব বুলি প্ৰকাশ কৰে। ইফালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক বটদ্ৰৱা থান দৰ্শনত সংগ প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, বিধায়ক ৰূপক শৰ্মাই।