/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
নতুন দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য।
লোকসভাৰ নিৰ্বাচনৰ পিছত বৃহৎ সালসলনি হ'ব মন্ত্ৰীসভাৰ।
ম্যাদ সম্পূৰ্ণ নোহোৱাকৈ সলনি নহয় ৰাজ্যিক বিজেপিৰ সভাপতি।
দিল্লীৰ বানপানীৰ সন্দৰ্ভতো মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া।
ডাঙৰ ডাঙৰ মহানগৰীত এনেধৰণৰ বানপানী হয়েই বুলি মত প্ৰকাশ শৰ্মাৰ।
সেয়েহে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে অসমলৈ গৈ উপলুঙা কৰিব নালাগিছিল বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
তেখেতৰ লগত দিল্লী ফুৰিম বুলি মই ৬মাহ অপেক্ষা কৰি আছিলো, কিন্তু বৰ্তমান পৰ্যন্ত নিমন্ত্ৰণ লাভ নকৰিলো- হিমন্ত বিশ্ব শৰ্মা।
শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰীগৰাকীৰ।
কেন্দ্ৰীয় গৃহমন্ত্ৰীক অৱগত কৰে অসমৰ বান পৰিস্থিতি। লগতে কেন্দ্ৰই মুকলি কৰি দিয়া ৩৪০ কোটি পুঁজিৰ বাবে ধন্যবাদ জ্ঞাপন শৰ্মাৰ।
দিল্লীত অসমৰ সাংস্কৃতিক প্ৰকল্প আৰু লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে মাটি বিচাৰি দিল্লীৰ উপৰাজ্যপালকো সাক্ষাৎ।
২ অক্টোবৰত ১ কোটি গছপুলি ৰোপণৰ সন্দৰ্ভত পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱকো সাক্ষাৎ।
Also Read: মহানগৰীত ৩০ লাখৰ সোণ, ২২ লাখ নগদ ধনসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ