মহানগৰীত ৩০ লাখৰ সোণ, ২২ লাখ নগদ ধনসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

গুৱাহাটীত অবৈধভাৱে সোণ সৰবৰাহ কৰা এক চক্ৰ আটক কৰে মহানগৰ আৰক্ষীয়ে

author-image
Asomiya Pratidin
New Update
মহানগৰীত ৩০ লাখৰ সোণ, ২২ লাখ নগদ ধনসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্ক : গুৱাহাটীত অবৈধভাৱে সোণ সৰবৰাহ কৰা এক চক্ৰ আটক কৰে মহানগৰ আৰক্ষীয়ে। মহানগৰ বিশেষ আৰক্ষীৰ অভিযানকাৰী দলে এই অভিযানত ৫.৮৫ গ্ৰাম সোণ আৰু ২২ লাখ ৭০ হাজাৰ নগদ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Advertisment

এছ টি এফৰ দ্বায়িত্বত থকা উপ-মহাপৰিদৰ্শক পাৰ্থসাৰথি মহন্তৰ নেতৃত্বত চলা এই অভিযানত সৰবৰাহকাৰীসকলে ব্যৱহাৰ কৰা এম এল ০৫ ইউ ১২১৬ নম্বৰৰ এখন হুণ্ডাই আই-২০ গাড়ীও জব্দ কৰিবলৈ সক্ষম হয়। এছ টি এফৰ দলটোৱে খানাপাৰাৰ পৰা নিৰ্দিষ্ট তথ্যৰ ভিত্তিত এই বাহনখনক পিচা কৰিছিল।

লালগণেশত এখন মটৰচাইকেলত অহা আৰোহীয়ে আই-২০ বাহনখনৰ পৰা সোণ লৈ দ্ৰুতগতিত আঁতৰি গৈছিল। তাৰপাছত এছ টি এফৰ দলে জ্যোতিকুছিত এই বাহনখন আটক কৰিবলৈ সক্ষম হয়। বাহনখনত থকা হিমাংশু পাল নামৰ গাড়ীচালক জনক আৰক্ষীয়ে আটক কৰে। এই ঘটনাৰ সন্দৰ্ভত এছ টি এফে ভাৰতীয় দণ্ডবিধি ৩৭৯/৪১১ ধাৰাৰ অধীনত ০৭/২০২৩ত এক গোচৰ ৰুজু কৰিছে।

Also Read: মাজবাটত হাতী-মানুহৰ সংঘাতত মহিলাৰ মৃত্যু

GOVT OF ASSAM Assam police