/asomiyapratidin/media/media_files/2025/07/02/new-ap-web-2-1-2025-07-02-17-15-10.jpg)
ডিজিটেল ডেস্কঃ ডাৱৰ বিস্ফোৰণ আৰু ধাৰাসাৰ বৰষুণে হিমাচল প্ৰদেশত বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ব্যাপক ভূমিস্খলন আৰু কৃত্ৰিম বানৰ সৃষ্টি হৈছে। ২৪ ঘণ্টাৰো অধিক সময় ধৰি নিৰুদ্দেশ হৈ আছে ৩৪জনকৈ লোক। বুধবাৰে উদ্ধাৰ কৰ্মীয়ে দ্বিতীয় দিনৰ বাবে অনুসন্ধান অভিযান আৰম্ভ কৰি নিৰুদ্দেশ হোৱা লোককেইজনৰ সন্ধান উলিয়ায়।
জানিব পৰা মতে, সৰ্বাধিক ক্ষতিসাধন হৈছে মাণ্ডী জিলাত। মঙলবাৰে জিলাখনত ১৬টা ডাৱৰ বিস্ফোৰণ আৰু কৃত্ৰিম বানৰ ফলত এখন দলং, ২৪টা ঘৰ আৰু এটা জলবিদ্যুৎ প্ৰকল্পৰ ক্ষতিসাধন হয়। এই পৰ্যন্ত ১০ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে। ২৪ ঘণ্টাৰো অধিক সময় ধৰি চলি থকা দুৰ্যোগৰ পিছত নিৰুদ্দেশ হোৱা লোকসকলৰ জীয়াই থকাৰ সম্ভাৱনা কমি আহিছে, গতিকে মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি প্ৰকাশ কৰিছে প্ৰশাসনে।
এই পৰ্যন্ত চাম্বা জিলাৰ পৰা তিনি জন, হামিৰপুৰ জিলাৰ ৫১ জন আৰু মাণ্ডী জিলাৰ ৩১৬ জন লোকক উদ্ধাৰ কৰা হৈছে। ইফালে বতৰ বিজ্ঞান বিভাগৰ পৰা তথ্য অনুসৰি,ৰাজ্যজুৰি ৭ জুলাইলৈকে প্ৰচণ্ড বৰষুণ অব্যাহত থাকিব পাৰে। ২ ৰ পৰা ৭ জুলাইলৈ প্ৰচণ্ড বৰষুণৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।
উল্লেখ কৰা প্ৰয়োজন, ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ শেহতীয়া বুলেটিনত কোৱা হৈছে যে পাণ্ডো মথাউৰিৰ পৰা প্ৰায় ২ লাখ কিউচেক পানী এৰি দিয়াৰ ফলত পাণ্ডো বজাৰ অঞ্চলত সৃষ্টি হোৱা ভয়ংকৰ বানে বিপদ কঢ়িয়াই আনিছে, যাৰ বাবে ওচৰৰ আৱাসিক ঘৰসমূহ ডুব যোৱাৰ সম্ভাৱনা আছে।
ইয়াৰোপৰি মাণ্ডী জিলাৰ ‘জুনি খাদ’ বিপদৰ চিহ্নৰ ওপৰেৰে বৈ আছে। সেয়ে উক্ত অঞ্চলৰ পৰা ততাতৈয়াকৈ মানুহক খালী কৰাৰ কাম আৰম্ভ কৰা হৈছে। ৰাজহ বিভাগৰ তথ্য অনুসৰি হিমাচল প্ৰদেশত কমেও ৪০৬টা পথ বন্ধ হৈ পৰিছে। ইয়াৰ ভিতৰত মাণ্ডীৰ ২৪৮, কাংগৰাৰ ৫৫, কুল্লুৰ ৩৭, শিমলাত ৩২, ছিৰমৌৰ ২১, চাম্বাত ৬, উনা আৰু সোলানত ৪কৈ, হামিৰপুৰ আৰু কিন্নৌৰ জিলাৰ এটাকৈ পথ অন্তৰ্ভুক্ত।