হিমাচলত কংগ্ৰেছৰ চৰকাৰ! বিজেপিৰ শংকাত বিধায়ক সকলক ৰাজস্থানলৈ লৈ যোৱাৰ যো-জা

বৃহস্পতিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোট গণনা। ৬৮ খন আসনৰ বাবে অনুষ্ঠিত হোৱা এই নিৰ্বাচনত বৰ্তমান পৰ্যন্ত কংগ্ৰেছ আগবাঢ়ি আছে।
হিমাচলত কংগ্ৰেছৰ চৰকাৰ! বিজেপিৰ শংকাত বিধায়ক সকলক ৰাজস্থানলৈ লৈ যোৱাৰ যো-জা

ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোট গণনা। ৬৮ খন আসনৰ বাবে অনুষ্ঠিত হোৱা এই নিৰ্বাচনত বৰ্তমান পৰ্যন্ত কংগ্ৰেছ আগবাঢ়ি আছে।

দিনৰ ১২ বজা পৰ্যন্ত কংগ্ৰেছে ৩৭ খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ২৮ খন আসন আৰু অন্যান্যই ৩ খন আসনতক অগ্ৰগতি লাভ কৰি আছে। ২০১৭ চনত কংগ্ৰেছে লাভ কৰিছিল কেৱল ২১ খন আসন । অৰ্থাৎ ১৬ খন অতিৰিক্ত আসনত অধিপত্য প্ৰকাশ দলটিৰ ।

আনহাতে, বিজেপিৰ ৰণ সদৃশ নিৰ্বাচনী প্ৰচাৰৰ পাছতো পূৰ্বৰ তুলনাত ১৫ খন আসন হ্ৰাস হৈ ২৮ খনত হে অগ্ৰগতি লাভ কৰিছে দলটিয়ে ।

গতিকে হিমাচল প্ৰদেশত কংগ্ৰেছৰ জয়ৰ সম্ভাৱণা অধিক। ইয়াৰ লগে লগে তৎপৰ হৈ পৰিছে কংগ্ৰেছ। হিমাচল প্ৰদেশত, কংগ্ৰেছ আৰু বিজেপিৰ মাজত নিৰ্বাচনী যুঁজ চলি আছে। কংগ্ৰেছ আৰু বিজেপিয়ে কেতিয়াও এই ৰাজ্যখনত একেৰাহে দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা নাই।

ইয়াৰ মাজতে কংগ্ৰেছ সূত্ৰই কয় যে যদি দলটো জয়ী হয় তেন্তে বিধায়ক সকলক ছত্তীশগড়লৈ স্থানান্তৰ কৰা হ'ব এয়া অপাৰেচন লোটাছৰ বাবে কৰা হৈছে।

অন্যহাতে বিজেপিয়ে ক্ষমতা বজাই ৰখাৰ অপ্ৰাণ চেষ্টা কৰিছে। কংগ্ৰেছৰ বাবে হিমাচলত বিজয় সাৱ্যস্ত কৰা অতি গুৰুত্বপূৰ্ণ কিয়নো ই যোৱা কেইবছৰ মানত কংগ্ৰেছ কেৱল পৰাজয়ৰ সন্মুখীন হৈছে। ২০১৯ৰ সাধাৰণ নিৰ্বাচনত, বিজেপিয়ে হিমাচল প্ৰদেশত ৬১ শতাংশ ভোট লাভ কৰিছিল যি সমগ্ৰ দেশৰ ভিতৰত সৰ্বাধিক আছিল।

তেনেক্ষেত্ৰত কংগ্ৰেছে এইবাৰ হৰ্ছ ট্ৰেডিঙৰ আকাংশাত জয়ী হোৱা বিধায়ক সকলক ৰাজস্থানলৈ স্থানান্তৰ কৰাৰ যো জা চলোৱা হৈছ। কিছু সময় পাছতেই হিমাচল প্ৰদেশ নিৰ্বাচনৰ সম্পূৰ্ণ ফলাফল ঘোষণা হ'ব।

আৰু পঢ়ক: ৰাজতিলক কাৰ শিৰত ?

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in