ৰাজতিলক কাৰ শিৰত ?

বৃহস্পতিবাৰে হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া চলি থকা সময়তেই যেন স্পষ্ট হৈ পৰিল সমগ্ৰ দৃশ্যপট ।
modi, rahul
modi, rahul

ডিজিটেল ডেস্ক : বৃহস্পতিবাৰে হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া চলি থকা সময়তেই যেন স্পষ্ট হৈ পৰিল সমগ্ৰ দৃশ্যপট । ৩৬ খন আসনেৰে দিনৰ ১১ বজালৈ অগ্ৰগতি লাভ কৰি থকা ভাৰতীয় জাতীয় কংগ্ৰেছে ২০১৭ চনত লাভ কৰিছিল কেৱল ২১ খন আসন । অৰ্থাৎ ১৫ খন অতিৰিক্ত আসনত অধিপত্য প্ৰকাশ দলটিৰ ।

আনহাতে, ভাৰতীয় জনতা পাৰ্টীৰ ৰণ সদৃশ নিৰ্বাচনী প্ৰচাৰৰ পাছতো পূৰ্বৰ তুলনাত ১৫ খন আসন হ্ৰাস হৈ ২৯ খনত হে অগ্ৰগতি লাভ কৰিছে দলটিয়ে ।

তেনেস্থলত সম্ভৱ হ'ব জানো বিজেপিৰ হিমাচল প্ৰদেশ দখলৰ সপোন ?

উল্লেখ্য যে, গুজৰাট নিৰ্বাচনত আম আদমি পাৰ্টীৰ আসনৰ শোচনীয় অগ্ৰগতিৰ সমান্তৰালকৈ হিমাচল প্ৰদেশতো শূণ্য আসন দলটিৰ দখলত ।

তেন্তে কাৰ চৰকাৰ গঠন হ'ব হিমাচল প্ৰদেশত ? বিজেপিয়ে অগ্ৰগতি লাভ কৰিব নে ভাৰতীয় জাতীয় কংগ্ৰেছৰ দখলত থাকিব হিমাচল প্ৰদেশ ? দ্বিতীয় স্থানত থকা দলটিয়ে মিত্ৰজোটেৰে সলনি কৰিব পাৰে সমগ্ৰ দৃশ্যপট ।

আৰু পঢ়ক: খুচ মোডী! গুজৰাটত অভিলেখৰ দিশে বিজেপি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in