খুচ মোডী! গুজৰাটত অভিলেখৰ দিশে বিজেপি...

বৃহস্পতিবাৰে আৰম্ভ হৈছে গুজৰাট বিধানসভা নিৰ্বাচনৰ ভোটগণনা। ১৮২ খন আসনৰ বাবে অনুষ্ঠিত হোৱা গুজৰাট বিধানসভা নিৰ্বাচনত ১৫১ খন আসনত আগ্ৰগতি লাভ কৰি আছে।
খুচ মোডী! গুজৰাটত অভিলেখৰ দিশে বিজেপি...

ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে আৰম্ভ হৈছে গুজৰাট বিধানসভা নিৰ্বাচনৰ ভোটগণনা। ১৮২ খন আসনৰ বাবে অনুষ্ঠিত হোৱা গুজৰাট বিধানসভা নিৰ্বাচনত ১৫১ খন আসনত আগ্ৰগতি লাভ কৰি আছে।

গুজৰাটত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰাৰ দিশে বিজেপি। গুজৰাটত দিনৰ ১১ বজা পৰ্যন্ত আপে ৭ খন আসন, কংগ্ৰেছে ১৮ খন আসন আৰু অন্যান্যই ৬ খন আসনত অগ্ৰগতি লাভ কৰি আছে।

গুজৰাটত চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজন হয় ৯২ খন আসনৰ। গতিকে বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ দিশে আগবাঢ়ি আছে।

উল্লেখ্য যে, ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে লাভ কৰিছিল ৯৯ খন আসন, কংগ্ৰেছে লাভ কৰিছিল ৭৭ খন আসন, আপৰ শূণ্য আসনৰ বিপৰীতে অন্যান্যই লাভ কৰিছে ৩ খন আসন। লক্ষ্য কৰিলে দেখা যায় যে কংগ্ৰেছে এইবাৰ প্ৰায় ৬১ খন আসনত পিছ পৰি থকাৰ বিপৰীতে আপে পূৰ্বতকৈ ভাল প্ৰদৰ্শন দেখুওৱাইছে।

এইবাৰ বিধাসনভা নিৰ্বাচনৰ বাবে গুজৰাটত বিজেপিকে ধৰি কংগ্ৰেছ, আপে যথেষ্ঠ প্ৰচাৰ চলাইছিল। কিন্তু সেই অনুসৰি আপ, কংগ্ৰেছ বহু খিনি পিছ পৰি থকা দেখা যায়।

কিছু মুহুৰ্তৰ পাছতেই ভোটগণনা সম্পূৰ্ণ হ'ব। ইয়াৰ পাছতেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সম্বোধন কৰিব গুজৰাট জনতাক। ইয়াৰোপৰি মোডীয়ে দলৰ শীৰ্ষ নেতা সকলৰ লগত এক বৈঠকত মিলিত হ'ব। হয়তো এই বৈঠকৰ পাছতেই মোডীয়ে আৰম্ভ কৰিব নতুন ৰণকৌশল। আহি আছে লোকসভা নিৰ্বাচন। গুজৰাটৰ পৰাই আৰম্ভ হ'ব পাৰে বিজেপিৰ নতুন ৰণনীতি।

আৰু পঢ়ক: সততা আৰু নিষ্ঠাৰ স্বীকৃতি: ৰাজ্যৰ ৫ কাৰা প্রহৰীলৈ "কাৰাগাৰ প্রেৰণা বঁটা ২০২২'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in