কিয় এৰিলে দীপাংক নাথে আছু ? বিয়া নে আন কিবা...

কিয় এৰিলে  দীপাংক নাথে আছু ? বিয়া নে আন কিবা...
কিয় এৰিলে দীপাংক নাথে আছু ? বিয়া নে আন কিবা...

ডিজিটেল ডেস্কঃ কিয় আছু এৰিলে দীপাংক কুমাৰ নাথে? গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা জৰুৰী কাৰ্যনিৰ্বাহক বৈঠকত আছু ত্যাগ কৰাৰ কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰিছিল দুবাৰকৈ ছাত্ৰ সংগঠনটোক সভাপতি হিচাপে নেতৃত্ব দিয়া নাথে।

তেওঁ লোৱা এই আকস্মিক সিদ্ধান্ত সন্দৰ্ভত আছুৰ এক বিশ্বস্ত সূত্ৰই জানিবলৈ দিয়া মতে আৰু কিছুদিনৰ পিছতে বিবাহপাশত আবদ্ধ হ'ব ছাত্ৰ নেতাগৰাকী। অসমীয়া প্ৰতিদিন ডিজিটেলৰ হাতত পৰা তথ্য অনুসৰি ১৩ ডিচেম্বৰত দীপাংক কুমাৰ নাথৰ জোৰোণ আৰু ১৫ ডিচেম্বৰত বিবাহ অনুষ্ঠান আছে।

দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্ক থকা দীপাংক নাথৰ কইনা ৰূপা হাজৰিকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা। এটা ফেল'শ্বিপ লৈ পোষ্ট ডক্তৰেট ডিগ্ৰী অধ্যয়নৰ বাবে হঠাৎ লণ্ডনলৈ যাবলগীয়া হোৱাৰ বাবে আকস্মিক ভাৱে তেওঁ এই সিদ্ধান্ত লৈ বিবাহপাশত আবদ্ধ ল'বলগীয়া হৈছে।

আছুৰ সংবিধানিক নিয়ম অনুসৰি বিবাহপাশত আৱদ্ধ হোৱা কোনো ছাত্ৰ নেতাই সংগঠনটোত যিহেতু থাকিব নোৱাৰে, সেয়েহে আছু ত্যাগ কৰি তেওঁ যুগ্ম জীৱনৰ পাতনি মেলিব বিচাৰিছে।

আনহাতে এই খবৰো আহিছে যে আছু ত্যাগ কৰাৰ পিছত ৰাজনীতিত যোগদান কৰিবৰ বাবে গুণাগঠা চলিছে দীপাংক নাথৰ। অসম গণ পৰিষদ আৰু বিজেপি দুয়োটা দলৰ বাবেই পথ খোলা আছে নাথৰ।

ভৱিষ্যতৰ সময়েহে ক'ব দীপাংক নাথে কি সিদ্ধান্ত গ্ৰহণ কৰে। দীপাংক নাথৰ অনুপস্থিতিত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব সংগঠনটোৰ উপ-সভাপতি উৎপল শৰ্মা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in